নাৰায়ণপুৰ- নাৰায়ণপুৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় তিনিটাকৈ পৰিয়ালৰ বাসগৃহ।
চৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয়লোকে।
ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
এই ঘটনাত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয়।