নাৰায়ণপুৰ: অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ গৈ জীৱনৰ কামনা-বাসনা ত্যাগ কৰি নিৰ্মম নিৰ্যাতন ভূগি অসমীয়া নাৰীৰ আত্মত্যাগৰ উজ্জ্বল দৃষ্টান্ত জগতবাসীৰ আগত প্ৰতিস্থা কৰি থৈ যোৱা মহীয়সী নাৰী জয়মতীৰ আজি ৩৪৩ সংখ্যক স্মৃতি দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰটো মহীয়সী নাৰী গৰাকীৰ স্মৃতি দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।

নাৰায়ণপুৰৰ ভোলাবৰীত স্থাপিত অসমৰ একমাত্ৰ জয়মতীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিস্থলিত ভোলাবৰী আঞ্চলিক ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে জয়া স্মৃতি দিৱসটি উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে ভোলাবৰী চাৰিআলি ব্যৱসায়ী সন্থাৰ সভাপতি নকুল বৰাৰ নেতৃত্বত গছপুলি ৰোপন, পতাকা উত্তোলন কৰে জয়মতী প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি অকমান ফুকনে।

পুৱা ১০ বজাৰ পৰা মুলুং শ্যাম বৰুৱা আৰু ভবেন গগৈৰ নেতৃত্বত মাংগলিক অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ১১ বজাত সমাজ সংগঠক সুৰেণ তাচাই জয়মতীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ পিছতে সাম্প্ৰতিক পৰিস্থিতিত জয়মতীৰ আদৰ্শৰ প্ৰাসংগিকতা-শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অঞ্চলটোৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান নটসূৰ্য নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখন উদ্বোধন কৰে ভোলাবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ খগেন হাজৰিকাই।

চোমধৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিত বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনত আলোচক হিচাপে অংশগ্ৰহণ কৰে শিমলুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ইন্দিৰা গগৈ ফুকন, অসম বাৰ্তাজীৱি সংঘৰ সভাপতি টুটুমণি ফুকন আৰু অধিবক্তা সুৰেণ বৰাই।

আলোচনা চক্ৰখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সাংবাদিক প্ৰদীপ বৰা আৰু সমাজ সংগঠক অম্বেশ্বৰ গগৈয়ে। সন্ধিয়া মহীয়সী জয়মতী প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ কাৰ্য্যকৰী সভাপতি কেশৱ চন্দ্ৰ গগৈয়ে বন্তি প্ৰজ্বলন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply