নাৰায়ণপুৰঃ নাৰায়ণপুৰত ভয়ংকৰ ঘটনা। কলেজীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা টেম্প’ চালকৰ। নাৰায়ণপুৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা চলাই দুৰ্বৃত্তই। ছাত্ৰীগৰাকী মহাবিদ্যালয়খনত চলি থকা মহাবিদ্যালয় সপ্তাহৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বৰপথাৰ অভিমুখে আহি থকাৰ পথত সংঘটিত হয় এই ঘটনা।
লগতে পঢ়কঃচুৰিৰ গৰুসহ আটক তিনি গৰু চোৰ
ছাত্ৰীগৰাকীয়ে টেম্প’ চালকজনৰ অভিসন্ধি জানিব পাৰি চলন্ত টেম্প’ৰ পৰা জপিয়াই আত্মৰক্ষাৰ চেষ্টা কৰে। ফলত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় ছাত্ৰীগৰাকী। বৰ্তমান ছাত্ৰীগৰাকী চিকিৎসাধীন অৱস্থাত আছে।