নাৰায়ণপুৰ: শিশু সাহিত্য উত্তৰণ, গুৱাহাটীৰ উদ্যোগত শনিবাৰে নাৰায়ণপুৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪ সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়। এই উপলক্ষে নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভা কক্ষত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।
নাৰায়ণপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যা সকলৰ দ্বাৰা পৰিবেশিত সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাখনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিশু সাহিত্য উত্তৰণৰ উপ-সভাপতি বীৰেণ শৰ্মাই।
সভাখনৰ আৰম্ভণিতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাহিত্যিক পেঞ্চনাৰ যোগেন্দ্ৰনাথ দত্তই। শিশু সাহিত্য উত্তৰণৰ প্ৰকাশন সচিব দিলীপ শৰ্মাই আঁত ধৰা সভাখনতে অঞ্জলী গোস্বামী শৰ্মাৰ “এশ গৰাকী প্ৰখ্যাত নাৰী” শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে অসম সাহিত্য সভাৰ ৫১ সংখ্যক বিহপুৰীয়া অধিৱেশনৰ সাধাৰণ সম্পাদক, স্মৃতিসূৰ্য গোলোক চন্দ্ৰ হাজৰিকাই, উষা কিৰণ শইকীয়া হাজৰিকাৰ “আবৃত্তিৰ সাধু” শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গীৰিশ ভূঞাই আৰু তপন বৰুৱাৰ “মইনাৰ গদ্য” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে শিশু সাহিত্য উত্তৰণৰ সক্ৰিয় কৰ্মী তথা অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰবীন পাঠকে।
সভাখনত কণমানি ছাত্ৰী অৰণ্যা শৰ্মাৰ দ্বাৰা পৰিবেশিত গীত আৰু চন্দ্ৰ লুইটেলৰ কবিতা আবৃত্তিয়ে উপস্থিত সকলোকে মুগ্ধ কৰে। সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰনাথ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন ভূঞা, সত্যজিত দত্ত , চন্দ্ৰ হাজৰিকা , মাধৱদেব মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঈশ্বৰ শৰ্মা ভৰালী , নাৰায়ণপুৰ কাব্য কাননৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ চিকিৎসক ডা: অতুল চন্দ্ৰ খাউণ্ড ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামী, নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ভবেন ফুকন,আগন্তুক অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ সাধাৰণ সম্পাদক মাখন তামুলী, অধ্যাপক দুলাল মহন্ত প্ৰমুখ্যে শতাধিক গ্ৰন্থানুৰাগী উপস্থিত থাকে।