পৌৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ৪৮ ঘন্টা নৌহওতেই কংগ্ৰেছে দখল কৰা একমাত্ৰ পৌৰসভা খনো বিজেপিয়ে নিজৰ দখললৈ নিছে। নাৰায়ণপুৰ পৌৰসভা গঠনৰ প্ৰস্তুতি চলাই থকা সময়তে কংগ্ৰেছ দলটোৱে উজুতি খাব লগা হয়।

কিন্তু দুগৰাকীকৈ নিৰ্দলীয় ৱাৰ্ড মেম্বাৰে বিজেপিত যোগদান কৰাত কংগ্ৰেছৰ প্ৰস্তুতিত চেঁচাপানী পৰিল । নিৰ্বাচনত কংগ্ৰেছে ৫ খন বিজেপিয়ে ৩ খন আৰু নিৰ্দলীয়ই দুখন আসন লাভ কৰিছিল।

নিৰ্দলীয় প্ৰাৰ্থী হৰিশ চন্দক পৌৰপতিৰ টোপ দিয়াৰ লগে লগেই বিজেপিত যোগদানৰ সিদ্ধান্ত লয়। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে টিকট নিদিয়াৰ বাবেই নিৰ্দলীয় হিচাবে প্ৰতিদ্বন্দিতা কৰি জয়ী হৈছিল।

এতিয়া বিজেপিৰ পৰা তিনিগৰাকীৰ মাজৰ এজনক উপ সভাপতিৰ পদ দিয়াৰবাবে সাজু হৈছে।
মুখ্যমন্ত্ৰীৰ লগত হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply