নাৰায়ণপুৰ: বিগত প্ৰায় ৬ মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ ২৫৮ গৰাকী শিক্ষক। নাৰায়ণপুৰত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে সদৌ অসম ড্ৰপ টিউটৰ সন্থাই। উল্লেখ্য যে, বিগত বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰাৰ অন্তত ২০২১ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যৰ ৩৮৬ গৰাকী ড্ৰপ শিক্ষকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল শিক্ষা বিভাগে।

কিন্তু দুৰ্ভাগ্যজনক কথা যে কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু বিটিএডিৰ ১২৮ শিক্ষকে সম্প্ৰতি দৰমহা লাভ কৰি আছে যদিও, অসমৰ অন্যান্য অঞ্চলৰ ২৫৮ গৰাকী শিক্ষক বিগত ৬ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা হৈ আছে বঞ্চিত। ফলত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে এই সকল বঞ্চিত শিক্ষকৰ অৱস্থা।

অৱশেষত চলিত মাহৰ ভিতৰত ৬ মাহৰ সম্পূৰ্ণ দৰমহাৰ ধন মুকলি কৰি দিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছে দুৰ্ভগীয়া শিক্ষক সকলে। উল্লেখ্য যে, অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত PMA(S)65/2021 ECF=194781 ফাইলত আৱদ্ধ হৈ আছে এই সকল শিক্ষকৰ ভবিষ্যৎ। নাৰায়ণপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা সংবাদমেলখনত সদৌ অসম ড্ৰপ টিউটৰ সন্থাৰ হৈ নাৰায়ণ কোঁৱৰ, পংকজ ফুকন, দীপক শইকীয়া, দীপাংকৰ ভূঞা আৰু কৃষ্ণা হাজৰিকা উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply