নাৰায়ণপুৰঃ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এটা অঞ্চলৰ দুই শতাধিক পৰিয়ালে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। অঞ্চলটোৰ ৰাইজে এটুপি বিশুদ্ধ পানীৰ বাবে কৰিব লগা হৈছে সংগ্ৰাম। পানী আহৰণৰ বাবে সংগ্ৰাম কৰিব লগা হোৱা দৃশ্যই ডঃহিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ উন্নয়নৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে।
যি সময়ত “জল জীৱন” আঁচনিৰ অধীনত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ পৰিকল্পনা চলিছে ঠিক সেই সময়তে নাৰায়ণপুৰৰ শিলিখাগুৰি মুছলিমগাঁও-তিনটিয়া অঞ্চলত নাই আঁচনিৰ কোনো নাম-গোন্ধ।
পানীৰ পাইপ দূৰৰে কথা অঞ্চলটোৰ প্ৰায় দুই শতাধিক পৰিয়ালে বছৰ বছৰ ধৰি আইৰণ যুক্ত টিউবেলৰ পানীকে খোৱা আৰু যিকোনো কামৰ বাবে ব্যৱহাৰ কৰি আহিছে । যাৰ ফলত কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বিভিন্ন বেমাৰ আজাৰত ভুগিব লগা হৈছে। কেইমাহমানৰ পূৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোকে অঞ্চলটো পৰিদৰ্শন কৰি জল জীৱন আঁচনিৰ অধীনত এখন আঁচনি ৰূপায়ণৰ কথা কৈছিল যদিও আজিলৈকে কোনো ধৰণৰ আঁচনি ৰূপায়ণ নহ’ল।
সেয়েহে অঞ্চলটোৰ ৰাইজে প্ৰধান মন্ত্ৰী গৰাকীৰ সপোনৰ “‘জল জীৱন” আঁচনিৰ সুবিধা দিবলৈ চৰকাৰক আহ্বান জনাইছে।