নিউজ ডেস্কঃ আপোনাৰ মনত আছেনে ২০১৯ চনত অম্বুবাচীৰ সময়ত শক্তিপীঠ কামাখ্যাত উদ্ধাৰ হোৱা মুণ্ড বিহীন মৃতদেহ টোৰ কথা। তেতিয়া বহুতেই কৈছিল এইয়া নৰবলি কিন্তু কামাখ্যা দেবোত্তৰ বৰ্ডে এই কথা মানি লোৱা নাছিল। দেবোত্তৰ বৰ্ডে কৈছিল এইয়া কামাখ্যা মন্দিৰক অপবাদ দিবলৈ এইয়া কোনো দুষ্টকৃতীকাৰীয়ে মৃত দেহ আনি পেলাই থৈ গৈছে।

এতিয়া সকলো কথা ওৰ পৰিল। প্ৰায় ৪ বছৰৰ পিছত আৰক্ষীয়ে সকলো ৰহস্য ভেদ কৰিলে। ২০১৯ চনৰ ১৮ জুনৰ মাজনিশা কেইজন মান ব্যক্তিয়ে লগ হৈ পশ্চিমবংগৰ শান্তি শ্ব’ নামৰ মহিলা গৰাকীক দিয়া হৈছিল নৰবলি।  এই ঘটনা সন্দৰ্ভত মঙলবাৰে গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰি সৱিশেষ জনাই।

আৰক্ষী আয়ুক্তই কয় যে, এই ঘটনা সন্দৰ্ভত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হয়। ভুক্তভোগী মহিলা শান্তি শ্ব ঘৰ পশ্চিমবংগৰ হুগলিৰ তাঁতীপাৰাত আছিল। তেওঁৰ পুত্ৰই চিনাক্ত কৰিছিল মহিলাগৰাকীক।

আৰক্ষীয়ে তদন্তত কিদৰে আগবাঢ়িছিল ?

বিগত এমাহে অসম আৰক্ষীয়ে অভিযান চলাই কোচবিহাৰত প্ৰথমটো ক্লু লাভ কৰিছিল। কোচবিহাৰৰ শীতলাকুছিত কৈলাস বৰ্মনৰ নামৰ লোকজনৰ ঘৰত এটা মোনাত উদ্ধাৰ হৈছিল শান্তি শ্বৰ কাপোৰ, মোবাইল ফোন, ট্ৰেইনৰ টিকত আৰু আধাৰকাৰ্ড। কৈলাস বৰ্মনৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা মোনাটো মাতাপ্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰি নামৰ বাবা জনে থোৱা বুলি স্বীকাৰোক্তি দিছিল। অম্বুবাচী মেলাৰ পিচতেই মাতাপ্ৰসাদে উভতি গৈ কৈলাসৰ ঘৰত মোনাটো থৈছিল।

নৰবলি ঘটনাটো কিদৰে সংঘটিত হৈছিল?

আৰক্ষী আয়ুক্তই জনোৱা অনুসৰি, প্ৰদীপ পাঠক ওৰফে দিনেশ নামৰ লোকজন তান্ত্ৰিক তথা অন্ধবিশ্বাসৰ ওপৰত খুব বিশ্বাসী। তেওঁৰ ভাতৃ আছিল নগা সাধু। নৰবলি ঘটনাৰ ১১ বছৰ আগতে সেই ১৮ জুন তাৰিখে তেওঁৰ মৃত্যু হৈছিল। যাৰ বাবে প্ৰদীপ পাঠকে বলি দিয়াৰ বাবে ঠিক কৰিছিল।

প্ৰদীপ পাঠকৰ লগত আন এজন সাধু অম্বুবাচী মেলালৈ আহিছিল। তেওঁলোকে বলি দিবলৈ এখন দা ফেঞ্চি বজাৰৰ পৰা কিনিছিল। তাৰ পাছতে প্ৰদীপ পাঠকে পূজাৰ পৰিকল্পনা কৰি ভূতনাথলৈ গৈ কানু তান্ত্ৰিকৰ নামৰ লোকজনক লগ কৰে আৰু সকলোবোৰ কথা বিৱৰি কয়।

ঘটনাটো সংঘটিত হোৱা মাজনিশা ভূতনাথ শ্মশানত ১২ জন লোকৰ উপস্থিতিত পূজা হৈছিল। আৰক্ষীৰ জেৰাত গ্ৰেপ্তাৰ হোৱা লোক কেইজনে ‘কপালী পূজা’ কৰা বুলি কয়। যিয়ে বিশ্ব শান্তিৰ বাবে তেওঁলোকে এই পূজা কৰাৰ দাবী কৰে।

বলি বাবে যে শান্তি শ্বক ঠিক কৰা আছিল তেওঁ গমেই পোৱা নাছিল। মহিলা গৰাকীয়ে পিন্ধি অহা কাপোৰ সলাই তেওঁক গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰাই আটাইয়ে মিলি সুৰাপান কৰিছিল আৰু লগতে শান্তি শ্বকো সুৰা পান কৰাইছিল।

শান্তি শ্ব নিচা লগাৰ পিছত প্ৰথমে কামাখ্যা মন্দিৰৰ ওচৰত থকা বগলা মন্দিৰ শ্মশানত পূজা কৰে, শ্মশানৰ ছাইৰ ফোট লৈ জয় দুৰ্গা মন্দিৰলৈ নামি আহে। তাতো তেওঁলোকে পূজা কৰে। তাতেই তেওঁলোকে মহিলা গৰাকীক বলি দিয়ে। ঘটনাৰ পাছত মহিলা গৰাকীৰ ছিন্নমুণ্ডা বেগত ভৰাই ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ে ।

গ্ৰেপ্তাৰ হোৱা লোক কেইজন,

মধ্যপ্ৰদেশৰ জবলপুৰৰ এটা মন্দিৰৰ পৰা গ্ৰেপ্তাৰ হৈছে মাতাপ্ৰসাদ পাণ্ডেক, হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড উত্তৰ প্ৰদেশৰ পৰা প্ৰদীপ পাঠকক, দুৰ্গা সৰোবৰ শিলচাইটৰ বাসিন্দা সুৰেশ পাচোৱান ক ভূতনাথৰ পৰা, ফটাশিল আমবাৰীৰ কানু আচাৰ্য ওৰফে কানু তান্ত্ৰিকো ভূতনাথৰ পৰা, ৰাজু বাবা ওৰফে ভায়াৰাম মাউৰীয়াক ভূতনাথৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

হত্যাকাণ্ডৰ মূল খলনায়ক প্ৰদীপ পাঠক উত্তৰ প্ৰদেশৰ মথুৰা জিলা নিৱাসী আৰু এজন চৰকাৰী বিষয়া।

বলি দিয়াৰ সময়ত আৰু বহুকেইজন ব্যক্তি উপস্থিত আছিল বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়ে। কিন্তু তেওঁলোকক এতিয়াও চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক – ছিকিমৰ নাথুলাত ভয়ংকৰ হিমস্খলন, নিহত সংখ্যা ৭ জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply