গুৱাহাটীঃ বৃহস্পতিবাৰে নিশা গুৱাহাটীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মহানগৰ আৰক্ষীয়ে। অভিযানত ৭০ হেজাৰ টকাৰ নিচাযুক্ত টেবলেটসহ আটক কৰে পাঁচজন লোকক।
আটকাধীন লোককেইজন হৈছে দিলৱাৰ আলী, মেহবুব আলম, ছাকিৰ আহমেদ, মাছুদ আহমেদ আৰু মহম্মদ ছাহিদ।
আৰক্ষীয়ে দুখন ট্ৰাক, এখন I20 গাড়ী, ৮ টা ম’বাইল আৰু নগদ ১ লাখ ২২ হাজাৰ টকা জব্দ কৰে।
আৰক্ষীয়ে এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। আৰক্ষীয়ে জনোৱা মতে, বাংগালুৰুত এই নিচাযুক্ত টেবলেটখিনিৰ মূল্য প্ৰায় ১০ কোটি।
উল্লেখ্য যে, গুৱাহাটীত ১০ মে’ৰ পৰা ৩১ ডিচেম্বৰলৈ মুঠ ১২. ৬৮ কেজি হেৰ”ইন, ১৫৬ গোচৰ,৩৬৮ জন ব্যক্তি, গাঞ্জা ২৬৫.৯৩ কেজি , ২ লাখ ৬০ হাজাৰ নিচাযুক্ত, ৩৭ মটৰ চাইকেল , ৩৩ সৰু গাড়ী, ৮ খন ডাঙৰ গাড়ী আৰু ৭০ লাখ ৯৫ হাজাৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে।
কেলেংকাৰীৰ পাছতেই তৎপৰ হয় উঠিছিল মহানগৰ আৰক্ষী প্ৰশাসন । নথি পত্ৰ তদন্তৰ কাম বাবেই এই তদন্ত প্ৰক্ৰিয়া কিছু দীঘলীয়া হৈছে । প্ৰাৰম্ভিক তদন্তত প্ৰমাণ পোৱা বাবেই এজনক গ্ৰেপ্তাৰ কৰা হৈছিল । তদন্ত যিমানেই আগ বাঢ়ি আছে নতুন নতুন তথ্য পোহৰলৈ আহিছে তাৰ ভিত্তিত কোষাধ্যক্ষ জনক গ্ৰেপ্তাৰ কৰা হল। তদন্ত এতিয়াও অব্যাহত আছে । তদন্তৰ আওতালৈ আৰু বহু কেইটা নাম আহিব ।