গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনটোক ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তত্বাৱধানত ৰাজ্যিক সংখ্যালঘু মৰ্চায়ো অহা ৭ অক্টোবৰত ২০২১ তাৰিখলৈ “সেৱা আৰু সমৰ্পণ অভিযান” নামেৰে বিভিন্ন জনসেৱামূলক কাৰ্য্যসূচী হাতত লৈছে৷

“সেৱা আৰু সমৰ্পণ অভিযান”ৰ অংশ ৰূপে ৰাজ্যিক সংখ্যালঘু মৰ্চাই ৰাতিপুৱা ৮-০০ বজাত পানবজাৰস্থিত ডনবক্স গীৰ্জাত আৰু আমবাৰীস্থিত জামে মছজিদত প্ৰধানমন্ত্ৰী গৰাকীৰ সুস্বাস্হ্য আৰু দীৰ্ঘায়ুৰ কামনা কৰি প্ৰাৰ্থনা সভাৰ আয়োজন কৰে।

লগতে পঢ়কঃদুৰাৰোগ্য় ৰোগত আক্ৰান্ত বাক্সাৰ কামেশ্বৰ শিৱম

দুয়োটা অনুষ্ঠানতে ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, উপ সভাপতি পল্লৱ লোচন দাস, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, সাধাৰণ সম্পাদকদ্বয় মুস্তাক উদ্দিন আহমেদ, শ্বহিদুল ইছলাম, ৰাজ্যিক উপ-সভাপতিদ্বয়, সম্পাদকদ্বয়, চচিয়েল মিডিয়া কোষ আহ্বায়ক তাফজুল আলী, মিডিয়া কোষৰ আহ্বায়ক হজৰত জাকাৰিয়া ভূঞাৰ লগতে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্য্যকৰ্তা তথা প্ৰধানমন্ত্ৰী মোদীৰ শুভকাংশী সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply