গুৱাহাটী– শনিবাৰে চাবুৱাত নিৰ্বাচনী ৰণডংকা বজাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ এক বিশাল নিৰ্বাচনী সভাত অংশ ল’ব। যাৰবাবে চাবুৱাত এতিয়া চলিছে বিশাল আয়োজন।
বৃহস্পতিবাৰে প্রধানমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল বৰাকৰ কৰিগঞ্জত।
লক্ষাধিক জনতাৰ সন্মুখত বিজেপিৰ নিৰ্বাচনী প্রচাৰ চলোৱাৰ পাছত শনিবাৰে চাবুৱাত নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে।
ভাৰতীয় জনতা পাৰ্টিয়ে গাঁৱে-ভূঞে, নগৰে-চহৰে সকলো অঞ্চলতে ব্যাপক নিৰ্বাচনী প্রচাৰ
চলাই থকাৰ সময়তে এই নিৰ্বাচনী প্রচাৰৰ টৌক অধিক মাত্ৰা প্ৰদান কৰিছে ইজনৰ পাছত
সিজনকৈ একেলেথাৰিয়ে ভাজপাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ প্রচাৰ অভিযানে ।
আৰু পঢ়কঃ বিহপুৰীয়াত আজি নিৰ্বাচনী প্ৰচাৰ চলালে অভিনেতা যতীন বৰাই
এই বিশাল জনসভাখনৰ বাবে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ ডিব্ৰুগড় জিলা সমিতি তথা এজিপিৰ ডিব্ৰুগড় জিলা পৰিষদৰ সমূহ কাৰ্যকৰ্তাই দিনে নিশাই সভাখন সফল কৰি তুলিবৰ বাবে প্রচেষ্টা হাতত লৈছে।
কেইবা লক্ষাধিক জনসাধাৰণৰ উপস্থিতিত অনুষ্ঠিত হ’ব লগা এই সভাখনত প্রধানমন্ত্ৰীৰ লগতে ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস, অসমৰ মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱাল, ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ
সম্পাদক দিলীপ শইকীয়া, নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
উপৰিও বহুকেইজন ৰাষ্ট্ৰীয় তথা ৰাজ্যিক নেতৃত্ব উপস্থিত থাকিব।