নিউজ ডেস্ক-২০২১ৰ বিধানসভাৰ নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে ৰাজ্যলৈ সোঁত বৈছে বিজেপিৰ কেইবাগৰাকীয়ো ষ্টাৰ কেম্পেইনাৰৰ ৷
আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰাকত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব মোদী।
দিনৰ ১বজাত কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী গৰাকী।
মোদীৰ আগমণৰ পূৰ্বে নিৰ্মাণ কৰা হৈছে তিনিখনকৈ অস্থায়ী হেলিপেড।
কৰিমগঞ্জৰ ভাটগ্ৰামত বিজেপিৰ ১৪গৰাকী আৰু অগপৰ ১গৰাকী প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বদৰপুৰত বিশাল নিৰ্বাচনী সভাত অংশ ল’ব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্যযে ২০ মাৰ্চত পুনৰ চাবুৱাত বিশাল নিৰ্বাচনী সভাত অংশ ল’বলৈ অসমলৈ আহিব মোদী।
প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমণক লৈ বিজেপি কৰ্মী সকলৰ মাজত ব্যাপক উছাহ পৰিলক্ষিত হৈছে।