নিউজ ডেস্কঃ বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ল’লে কভিড ভেকচিনৰ দ্বিতীয়টো ড’জ।

ডিঙিত গামোছা লৈ দিল্লীৰ এইমছত প্ৰধানমন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰিলে কভিড ভেকচিন ।

মোডীয়ে ১ মাৰ্চত গ্ৰহণ কৰিছিল ক’ভিড ভেকচিনৰ প্ৰথম ড’জ।

ইফালে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিলে কভিড ভেকচিনৰ প্ৰথমটো ড’জ।

সামাজিক মাধ্যমত নিজৰ ফটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী সোণোৱালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভেকচিন গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

”সুৰক্ষিত এই ভেকচিনে ক’ভিড-১৯ মহামাৰীক পৰাভূত কৰাত আমাক সহায় কৰিব। ভেকচিন লোৱাৰ লগতে সুৰক্ষামূলক সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাজ্যৰ নাগৰিকসকলক মই আহ্বান জনাইছোঁ।” ছচিয়েল মিডিয়াৰ যোগে মুখ্যমন্ত্ৰী সোণাৱালৰ আহ্বান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply