নিউজ ডেস্কঃ ডিব্ৰুগড়ৰ মানকটা পূজা ফিল্ডত মঙলবাৰে বিশাল জনসভাত অমিত শ্বাহে অংশগ্ৰহণ কৰি উজনি অসমৰ ৰাজ্যিক বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাত ভাষণ প্ৰদান কৰি শ্বাহে কয় যে, আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ১৪ খনৰ ১২ খন আসনেই লাভ কৰিব।

লগতে তেওঁ কয়, ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩০০ ৰো অধিক আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি কয়। তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ’ব বুলিও ঘোষণা কৰে।

ইফালে কংগ্ৰেছ সন্দৰ্ভত ভাষণ প্ৰদান কৰি শ্বাহে কয় যে, এসময়ত উত্তৰ-পূবক কংগ্ৰেছৰ দুৰ্গ বুলি গণ্য কৰা হৈছিল, এতিয়া ৰাহুল বাবাই দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰাৰ পিছত হোৱা তিনিখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছ নিঃশেষ হৈ গ’ল।

ৰাহুল গান্ধীৰ সন্দৰ্ভত গৃহমন্ত্ৰী গৰাকীয়ে কয়, ৰাহুল বাবাই বুজি নাপায়, তেওঁ বিদেশলৈ যায় আৰু ভাৰতৰ বদনাম গাই ফুৰে, ৰাহুল বাবা বুজিবলৈ চেষ্টা কৰা, এতিয়া কেৱল উত্তৰ-পূৰ্বাঞ্চলতে কংগ্ৰেছ শূন্য হৈছে, যদি এই পথতে চলি থকা যায়, তেন্তে গোটেই দেশতে শূন্য হ’ব কংগ্ৰেছ।

প্ৰথম পাঁচটা বছৰ সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখন আগবঢ়াই নিছিলি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক আগবঢ়াই লৈ গৈছে বুলি শ্বাহে জনসভা ভাষণক কয়।

উত্তৰ-পূবৰ ৭০ শতাংশ এলেকাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (এএফএছপিএ) আঁতৰাই দিয়া হৈছে, বড়োলেণ্ড শান্তিপূৰ্ণ হৈ পৰিছে, ৮টা জনজাতীয় গোটে আত্মসমৰ্পণ কৰিছে। অসম সীমান্তৰ বিবাদ শেষ হ’বলৈ গৈ আছে। এয়া প্ৰধানমন্ত্ৰী মোদীৰ সুশাসন, যাৰ বাবে আজি অসমৰ আভ্যন্তৰীণ অগ্ৰগতি হৈছে, শ্বাহে কয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে ইতিমধ্যে ১২ খন মেডিকেল কলেজ লাভ কৰিছে আৰু আগন্তুক সময়ত আৰু ১২ খন মেডিকেল কলেজ অসমত নতুনকৈ নিৰ্মাণ হ’ব বুলি শ্বাহে কয়। আৰু ১৪ এপ্ৰিলত অসমবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে AIIMS ও উপহাৰ দিব বুলি কয় গৃহমন্ত্ৰীয়ে কয়।  

অসম এটা সময়ত আন্দোলন আৰু সন্ত্ৰাসবাদৰে জৰ্জিত হৈ আছিল কিন্তু আজি অসমে বিহুৰ নাচ গানেৰে সম্প্ৰীতিৰে সকলোৱে পালন কৰিছে বুলি অমিত শ্বাহে কয়।

অসমত দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ পাছত ৪১ হাজাৰৰ অধিক লোকক নিযুক্তি দিয়া হৈছে।ধান ক্রয় অভিযানত প্ৰতি কুইণ্টল ধানত ১৯৪০ টকাত ক্ৰয় কৰা, ৪৪ হাজাৰ কৃষকৰ ধান ক্ৰয় কৰা, ২ লাখ হেক্টৰ কৃষিভূমিত পাম অইল উৎপাদনৰ বাবে, প্রাকৃতিক খেতিৰ বাবে ২০ হাজাৰ হেক্টৰ কৃষিভূমি চিহ্নিত, ১২ লাখ পৰিয়াল দৈনিক ভাট্টা দিয়া হৈছে বুলি তেওঁ কয়।

লগতে, পূৰ্ব্বোত্তৰ ৰাজ্যৰ বাবে কংগ্ৰেছৰ সময়ত ৩৬ হাজাৰ কৌটি টকাৰ বাজেট দিয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে ৭৪ হাজাৰ কোটিলৈ বৃদ্ধি কৰিছে৷ ২০১৪ চনৰ পৰা বৰ্তমানলৈ কেৱল আন্ত:গাঠনিৰ নামত ২ লাখ ৬৪ হাজাৰ কোটি টকা ব্যয় কৰা বুলি উল্লেখ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱক বিকাশ-প্ৰগতি আৰু উন্নয়নৰে শান্তি প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভাষণত উল্লেখ কৰে।

লগতে পঢ়ক – আমেৰিকা ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ অসমৰ ড০ ৰূপমজ্যোতি শৰ্মা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply