তেজপুৰঃ কৰোনা সৃষ্ট পৰিবেশৰ মাজতে তেজপুৰত নটসূৰ্য ফণী শৰ্মাৰ ৫১ সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়।
আজি পুৱাৰে পৰা নটসূৰ্য ফণী শৰ্মাৰ সমাধিস্থলীত বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
সমাধিস্থল আজিও সম্পূৰ্ণ নিমাৰ্ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে তেজপুৰবাসী ৰাইজে।
লগতে পঢ়কঃচৰাইদেউ জিলাত জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী আঁচনি উদ্ধোধন
অসমীয়া আধুনিক নাট্য আন্দোলনৰ পুৰোধা, নটসূৰ্য ফণী শৰ্মাৰ ৫১ সংখ্যক মৃত্যু বাৰ্ষিকীৰ আজিৰ দিনটোত অসম সাহিত্য সভাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
তেজপুৰ সাহিত্য সভা ভৱনত আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি, স্মৃতিচাৰণ আৰু নাটকৰ সংলাপ – নাট্যাভিনয় প্ৰদৰ্শনেৰে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত নটসূৰ্য ফণী শৰ্মাৰ ৫১ সংখ্যক মৃত্যুবাৰ্ষিকীৰ আজিৰ পুৱাৰে পৰা জীপাল হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগন।