চাৰিলেনযুক্ত পথ কেতিয়া সম্পূৰ্ণ হ'ব

টীয়ক: দেশৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত লেহেমীয়া অসম । এই কথা বাৰম্বাৰ প্ৰমাণিত হৈছে আমাৰ ৰাজ্যখনৰ ক্ষেত্ৰত । অটল বিহাৰী বাজপেয়ীৰ দিনতে আৰম্ভ কৰা ইষ্টৱেষ্ট ক’ৰিডৰ আজিও সম্পূৰ্ণ নহল কেবল অসমত । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কামৰ দায়িত্ব দিয়া ঠিকাদাৰী প্ৰতিষ্ঠান বোৰে অসমৰ ক্ষেত্ৰত কিয় এনে ভুমিকা লৈ আহিছে , তেওলোকে সময়মতে তিয় কামবোৰ সম্পূৰ্ণ কৰিব নোৱাৰে | অসমৰ সীমাৰ ভিতৰত ৰাস্তা নিৰ্মাণৰ কামত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠানবোৰক ৰাজ্য চৰকাৰবোৰে কিমান সহায় কৰে সিও চাবলগীয়া ।

বিভিন্ন সংগঠন সমূহে এই প্ৰতিষ্ঠানবোৰৰ পৰা চান্দাৰ নামত বৃহৎ পৰিমানৰ ধন দাবী কৰাৰ ফলতেই বহু কোম্পানীয়ে আধাতেই কাম এৰি যোৱাৰ উদাহৰনো নথকা নহয় । এনে বহু কাৰনত আজি যিবোৰ কোম্পানীয়ে নিৰ্মাণ কামত অসমত আছে তেওলোকে নিজা মন মৰ্জি মতে কাম চলাই আহিছে য’ত ৰাজ্য চৰকাৰৰ ভুমিকা শূণ্য । যাৰ ফলত কামৰ ব্যয় শেষ হোৱালৈকে বহু বৃদ্ধি পাই । ইয়াৰ ফলত হাৰাশাস্তিৰ সন্মুখীণ হব লগা হয় সাধাৰন জনতা ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তত্বাৱধানত নিৰ্মিয়মান হৈ থকা যোৰহাট বাইপাছৰ পৰা টীয়কৰ জাঁজী দলং পৰ্যন্ত পুনৰ স্থবিৰ হৈ পৰিছে । উক্ত পথচোৱা নিৰ্মানৰ লগত জড়িত সংস্থা জি ডি ছি এল দ্বাৰা উপ ঠিকা প্ৰদান কৰা লিংকন ডিগনিটি আৰু চানমায়া কনচট্ৰাকচন নামৰ সংস্থা দুটাৰ লেহেমীয়া আৰু নিম্নমানৰ কামৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।

নিৰ্মাণৰ চাৰিমাহ নৌ হওতেই সমগ্র পথচোৱা জৰাজীৰ্ন ৰূপ

সংস্থা দুটাই কৰা নিৰ্মাণৰ কাম ইমানেই নিম্নমানৰ আছিল যে পথ নিৰ্মাণৰ চাৰিমাহ নৌ হওতেই সমগ্র পথচোৱা জৰাজীৰ্ন ৰূপ ধাৰণ কৰাত যাতায়তৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি হৈ পৰিছে । নিৰ্মাণ সংস্থাটোৰ এনে নিন্মমানৰ কামৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে অভিযোগ দাখিল কৰাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যোৰহাট কাৰ্যালয়ৰ বিষয়া সকল ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰিছিল ।

কিন্তু শেহতীয়াকৈ জি ডি ছি এল নামৰ নিৰ্মাণ সংস্থাটোক অব্যাহতি দি নতুনকৈ নিবিদা আহ্বানৰ প্ৰস্তুতি চলোৱাত স্বাভাৱিকতে পুনৰ স্তব্ধ হৈ পৰিছে পথ সম্প্ৰসাৰণৰ কাম ।
বছৰ বছৰ ধৰি পথ নিৰ্মানৰ নামত চলাই অহা দুৰ্নীতিৰ সম্পৰ্কে ৰাইজৰ অভিযোগ সম্পৰ্কে জ্ঞাত হোৱাৰ পিছতো অসম চৰকাৰ মৌন | তেওলোকৰ দায়িত্বজ্ঞান হীন বিষয়াই সেই সম্পৰ্কে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ক অবগত কৰোৱাৰ নূন্যতম কাম খিনিও কৰা দেখা নগ’ল । যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰবস্থাই জনসাধাৰনক বাৰুকৈয়ে ভোগাইছে ।

লগতে পঢ়ক হোজাইত মাজনিশা অগ্নিকান্ডৰ ঘটনা, লক্ষাধিক টকাৰ সা সম্পত্তি জাহ গ’ল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply