গহপুৰ: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপে ৰাইজক জ্বলাকলা খুৱাইছে ।
বছৰৰ পিছত নিৰ্মাণ আৰু মেৰামতিৰ নামত ঠিকাদাৰী সংস্থাটোৱে হেমাহী কৰাৰ ফলত ৰাইজৰ যাতনা দিনক দিনে বাঢ়িছে যদিও কোনো গুৰুত্ব নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে চৰকাৰৰো ।
যোৱা সময়চোৱাত বহুজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই জৰাজীৰ্ণ পথটোৰ বাবে ।
কেতিয়া সাৰ পাব NHIDCL চৰকাৰে।
আজি গহপুৰত আছু-ব্যৱসায়ী সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী পালন কৰি শীঘ্ৰেই ৰাস্তাটো সম্পূৰ্ণ কৰি তুলিবলৈ দাবী জনাই ।
লগতে পঢ়ক-কাহিলিপাৰাত এগৰাকী কিশোৰীৰ আত্মহত্যা