নিউজ ডেস্ক : আম ভাল নোপোৱা মানুহ পৃথিৱীত হয়তো এজনো নোলাব। তাতে এই গমৰ বতৰত আম নোখোৱাকৈ থকাৰ থকাৰ কথা জানো ভাবিব পাৰি? জ্যুচৰ পৰা আৰম্ভ কৰি চালাড, আচাৰ, চাটনি, আইচক্ৰীম আদি না না ধৰণেৰে আমি খাই ভাল পাঁও।

প্ৰতি বছৰে ২২ জুলাইৰ দিনটো আমি ৰাষ্ট্ৰীয় আম দিৱস হিচাপে পালন কৰো। আহক আজিৰ এই দিনটোতে ফলৰ ৰজা আমৰ বিষয়ে কেইটামান নজনা কথা জানো –

১. ‘mango’ নামটো ক’ৰ পৰা আহিল

আমি সকলোৱে জানো যে আমৰ ইংৰাজী নাম ‘mango’। কিন্তু এই নাম ক’ৰ পৰা আহিছে? mango নাম তিনিটা ভাষাৰ পৰা আহিছে। পৰ্টুগিজ শব্দ ‘manga’, তামিল শব্দ ‘mangkay’ আৰু মালায় শব্দ ‘mangga’-ৰ পৰা ‘mango’ নামটো আহিছে।

২. আমৰ উৎপত্তি

ভাৰত, ম্যানমাৰ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত আমৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়। ভাৰতত ৫,০০০ বছৰ আগতেই আমৰ খেতি কৰা হৈছিল।

৩. আম গছৰ জীৱনকাল

৪ বছৰৰ ভিতৰতে আম গছত ফল লাগিবলৈ আৰম্ভ কৰে। সাধাৰণতে আম গছ বহু বছৰ জীয়াই থাকে। কিছুমান আম গছত আনকি ৩০০ বছৰলৈকে ফল লাগে।

৪. কোন দেশত আম বেছি উৎপাদন হয়?

আটাইতকৈ বেছি আম উৎপাদন হোৱা দেশ হৈছে ভাৰত। ভাৰতৰ পিছতেই আছে চীন, ইণ্ডোনেছিয়া আৰু পাকিস্তান। ভাৰতক বিশ্বৰ আমৰ ৰাজধানী বুলিও কোৱা হয়। আৰু ইয়াত উৎপাদন হোৱা বেছিভাগ আম দেশতে খোৱা হয়, সেয়ে আমৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কেৱল এক শতাংশহে ভাৰতে ধৰি ৰাখে।

৫. ৰাষ্ট্ৰীয় ফল /গছ

আম হৈছে ভাৰত, পাকিস্তান আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল। বাংলাদেশত আম গছক ৰাষ্ট্ৰীয় গছ হিচাপে ধৰা হয়।

৬. আমৰ ঔষধি গুণ

পকা আম আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বলকাৰক, পুষ্টিকাৰক, তৃপ্তিজনক। উচ্চ ৰক্তচাপত পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়। বহুমূত্ৰ ৰোগ, যক্ষ্মা ৰোগত ভোগা লোকে পকা আমৰ ৰস তিনি চামুচত এচামুচ মৌ মিহলাই খাব লাগে। দিনে এবাৰকৈ দহ দিন খাব লাগে।

৭. আম পাতৰ ঔষধি গুণ

আমৰ দৰে ইয়াৰ গছৰ পাতৰোবিশেষ কেতবোৰ গুণাগুণ আছে। আম গছৰ পাতত ভিটামিন এ, বি, চিৰ লগতে আন শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান আছে। যিসকল লোকে চৰ্দি, এজমা আদি ৰোগত আক্ৰান্ত হৈ আছে সেইসকল লোকৰ বাবে আম গছৰ পাতৰ পাউদাৰ উপকাৰী হিচাপে বিবেচিত হৈছে।

৮. মাংসৰ সৈতে আম

ৰন্ধাৰ আগতে মাংস মেৰিনেট কৰিবলৈ আম খুবেই ভাল। আমত থকা এনজাইম (enzyme)-এ আঁহযুক্ত মাংসক কোমল কৰাত সহায় কৰে।

লগতে পঢ়ক : অলিম্পিকৰ উদ্ধোধনী অনুষ্ঠানত কোন কোন ভাৰতীয় খেলুৱৈয়ে অংশ ল’ব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,155 other subscribers

Leave a comment

Leave a Reply