নিউজ ডেস্ক: নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৱৰ্তী দক্ষিণগাঁৱত নলবাৰী চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ কৰা হৈছে। নিৰ্মান কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছতে কলেজখনত কিছু দিন পূৰ্বে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এটা দল উপস্থিত হৈছিল আৰু সকলো দিশ তথা সা-সুবিধাসমূহ পৰিদৰ্শন কৰি গৈছিল।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে জনাই যে, ১০০ জন এমবিবিএছ শিক্ষাৰ্থীক ভৰ্তি কৰাৰ অনুমোদনৰ সৈতে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে নলবাৰী চিকিৎসা মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান কৰে।

লগতে তেওঁ এই কথাও জনাই যে, অসমৰ চিকিৎসা খণ্ডৰ বাবে এয়া আন এক মাইলষ্ট’ন। মাত্ৰ এবছৰৰ ভিতৰতে চাৰিখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাটোক ঐতিহাসিক সাফল্য বুলি আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।
নলবাৰী চিকিৎসা মহাবিদ্যালয়ে স্বীকৃতি লাভ কৰাৰ পূৰ্বৰে পৰা চিকিৎসা সেৱা আগবঢ়াই আছে। এই সেৱাৰ জৰিয়তে জিলাখনৰ লগতে কাষৰীয়া ঠাইসমূহৰো যথেষ্ট সুবিধা হোৱা দেখা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply