সোণাৰিঃ চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত পোষণ মাহ-২০২১ ৰ লগত সংগতি ৰাখি সোমবাৰে একেদিনাই ৬৬৮টা অংগনবাড়ী কেন্দ্ৰত কলপুলি ৰোপণৰ এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

এই উপলক্ষে সাপেখাতী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনৰ হৰিদেৱ চাৰ্কোলত আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে কয় যে ,” কল আমাৰ শৰীৰৰ কাৰণে অতি দৰকাৰী । ই আমাৰ শৰীৰত যথেষ্ট পৰিমাণে পুষ্টিৰ যোগান ধৰে । গতিকে আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহত কলপুলি ৰোপণ কৰি প্ৰতিগৰাকী কৰ্মীয়ে ইয়াৰ অন্তৰ্ভুক্ত শিশুসকলক বিতৰণ কৰিব লাগে । ”

কিছু সংখ্যক অংগনবাড়ী কেন্দ্ৰত কলপুলিৰ লগতে কিছু ফলমূল , শাক-পাচলি আৰু ঔষধি গছৰ পুলিও ৰোপণ কৰা হয়।
লগতে পঢ়কঃআন্তঃৰাজ্য পাৰপত্ৰ অসমত বলৱৎ কৰাৰ লক্ষ্যৰে বাইচাইকেল যাত্ৰা কৰা দুই যুৱকক আদৰণী

হৰিদেৱ গাওঁ পঞ্চায়তৰ সভানেত্ৰী উষাময়ী গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই বিশেষ সভাখনত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানৰ লগতে সাপেখাতী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) তথা ভাৰপ্ৰাপ্ত চি.ডি.পি.অ. ৰাচিকা শ্যাম ,পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা ,মুখ্য সেৱিকাদ্বয় মনিলা ফুকন আৰু মৌচুমীৰেখা গগৈ, স্থানীয় গাওঁবুঢ়া তিলক কোঁৱৰ প্ৰমুখ্যে হৰিদেৱ চাৰ্কোলৰ অংগনবাড়ী কৰ্মী-সহায়িকা , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মচাৰী , আশাকৰ্মী আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে।

সভাৰ শেষত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু চি.ডি.পি.অ. ৰাচিকা শ্যামে সভাত উপস্থিত থকা তিনিগৰাকী গৰ্ভৱতী মাতৃক পঞ্চামৃত প্ৰদান কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply