সোণাৰি : সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পোষণ মাহ-২০২১ আৰু মাত্ৰু বন্দনা সপ্তাহ আজি চৰাইদেউ জিলাত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। এই উপলক্ষে জিলা উপায়ুক্তৰ সভাগৃহত ভাৰপ্ৰাপ্ত উপায়ুক্ত জাবেদ আৰমানৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

নিজৰ ভাষণ প্ৰসংগত সাংসদ গগৈয়ে কয় যে ” ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্ৰণালয়ে শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আৰু পোষণ অভিযান বিশেষভাৱে উল্লেখযোগ্য। পোষণ অভিযানৰ অধীনত প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰি আহিছে। ইয়াৰ জৰিয়তে আঁচনিখনৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব পৰা যাব।”

সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈয়ে মাত্ৰু বন্দনা সপ্তাহত পালন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীসমূহৰ বিষয়ে অৱগত কৰে। পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই পোষণ মাহ-২০২১ত ৰূপায়ণ কৰিবলগীয়া কাৰ্যক্ৰমণিকাসমূহৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। সভাত উপস্থিত থকা জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ অমৃত শইকীয়াই শিশু তথা মহিলাৰ পৰিপুষ্টিৰ ওপৰত এক বহুমূলীয়া বক্তব্য প্ৰদান কৰে।

লগতে পঢ়ক : গোলাঘাট জিলাতো আৰম্ভ পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ

ইয়াৰ পাছতেই অতিৰিক্ত উপায়ুক্ত জিমলী শইকীয়া কাকতি, জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, সমাজকৰ্মী দিলীপ কোঁৱৰ প্ৰমুখ্যে কেইবাজনো গণ্য-মান্য ব্যক্তিয়ে নিজ নিজ বক্তব্য আগবঢ়ায়। আজিৰ সভাখনত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ নিজৰা দেৱী, চক্ৰ বিষয়া(সংলগ্ন) ৰাচিকা শ্যাম আৰু ভাৰতী বৰা, সংহত শিশু উন্নয়ণ প্ৰকল্প বিষয়া পূৰবী নেওগ, জিলা পৰিষদৰ সদস্য ক্ৰমে পূৰৱী দুৱৰা গগৈ, ৰাজ নায়ক আৰু জিণু কোঁৱৰ, সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকাবৃন্দ, স্বাস্থ্য বিভাগ, কৃষি বিভাগ আৰু পশুপালন বিভাগৰ বিষয়া, পতঞ্জলী যোগ সমিতিৰ বিষয়ববীয়া, পোষণ অভিযানৰ কৰ্মচাৰী সমন্বিতে কেইবাটাও বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply