ধেমাজি,সোণাৰিঃ সমগ্ৰ ভাৰতৰ লগতে আজি অসমতো উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ধেমাজিত সদৌ অসম ডিজিটেল সাংবাদিক সংস্থাই ধেমাজি মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কার্যালয় পালন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।
এই অনুষ্ঠানত ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়াৰ লগতে ধেমাজি জিলাৰ ডিজিটেল সাংবাদিক সংস্থাৰ প্রায় কুৰিজনৰো অধিক সংবাদকৰ্মী উপস্থিত থাকে অনুষ্ঠানত।

আনহাতে, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মঙ্গলবাৰে জিলাখনৰ বৰহাট অঞ্চলৰ পৰিদৰ্শকৰ বাংলা ( লোকনিৰ্মান বিভাগ)ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে।
লগতে পঢ়কঃবাইক চালক আৰু আৰোহী দুয়োজনে পৰিধান কৰিব লাগিব হেলমেট
উক্ত অনুষ্ঠানতেই জিলাখনৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সন্থাৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ চৰাইদেউ জিলা সাংবাদিক সন্থাৰ সভাপতি মৃদুল চাহুৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উপদেষ্টা সোমেশ্বৰ ডেকা, সম্পাদক ৰাতুল বড়া, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ বড়া, বিশিষ্ট শিক্ষাবিদ মণি গগৈকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

অসমৰ অন্যান্য প্ৰান্তৰ লগতে সোণাৰিতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ।
চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহকুমা তথ্য আৰু সংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত হয় প্ৰেছ দিৱসৰ কাৰ্যসূচী। দিৱসৰ মূল বিষয় “কোনে সংবাদ মাধ্যমক ভয় নকৰে? ” বিষয়ত বক্তৃতা প্ৰদান কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অৰুণ বৰুৱাই।
আনহাতে অনুষ্ঠানত চৰাইদেউ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত পল বৰুৱাক জিলাখনৰ সাংবাদিক সংগঠনসমূহে আনুষ্ঠানিকভাৱে আদৰণি জনায়।