ডুমডুমা : আজি সমগ্ৰ অসমতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। ডুমডুমা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা, আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ আৰু অসম বিজ্ঞান সমিতি ৰূপাই চাইডিং শাখাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ডুমডুমা মহাবিদ্যালয়ত উদযাপন কৰা হয়।
বৃক্ষ ৰোপণৰে শুভাৰম্ভ কৰা আজিৰ অনুষ্ঠানটিত নবেল বঁটা বিজয়ী ছাৰ চন্দ্ৰশেখৰ ভেঙ্কটৰমণৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অনুষ্ঠানৰ মুখ্য বক্তা তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড৹ ৰিষী দাসে।
মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড৹ চম্পা ৰাও মোহনে উদ্ধোধন কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অসম বিজ্ঞান সমিতি ৰূপাই চাইডিং শাখাৰ কাৰ্যকৰী সভাপতি মনোজ দত্তই। ড৹ দাসে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্যৰ লগতে গোলকীয় কল্যাণৰ বাবে গোলকীয় বিজ্ঞান বিষয় বস্তুৰ ওপৰত মূল্যবান বক্তব্য আগবঢ়ায়। লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলেশ্বৰ কলিতাইও বক্তব্য ৰাখে। আগদিনা অনুষ্ঠিত কৰা বিজ্ঞান ভিত্তিক কুইজ প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলসমূহক মানপত্ৰ আৰু বঁটা বিতৰণ কৰা হয়।
অনুষ্ঠানটোৰ আঁত ধৰে অসম বিজ্ঞান সমিতি ৰূপাই চাইডিং শাখাৰ সম্পাদক ৰাতুল গগৈয়ে।