নিউজ ডেস্ক: শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১৯ মে’ত অনুষ্ঠিত হ’ব “প্ৰাকৃতিক কৃষি সন্মিলন ২০২৩”। আজি জনতা ভৱনত অনুষ্ঠিত হোৱা এক বৈঠকত অংশগ্ৰহন কৰি মন্ত্ৰী অতুল বৰাই অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বুজ লয় ।

তেওঁৰ লগতে বৈঠকত উপস্থিত থাকে কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, ARIAS ছ’চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশ দীপ, কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, সচিব এছ আৰ বৰ্ধন, অতিৰিক্ত সচিব দীপশিখা দে, তেজ প্ৰসাদ ভূষাল, যুটীয়া সচিব গুণজিৎ কাশ্যপ, উদ্যান শস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাৰ লগতে অন্যান্য বিষয়াসকল।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গুজৰাটৰ মাননীয় ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ।
মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানটো সফলতাৰে অনুষ্ঠিত কৰাৰ লগতে প্ৰয়োজনীয় সকলো ব্যৱস্থা ক্ষিপ্ৰতাৰে গ্ৰহন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।