গুৱাহাটী : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰক্ষেপ সমূহক প্ৰশংসা কৰিছে বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত বেচৰকাৰী সন্থা নেচাৰ্ছ বেকনে। নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই বন বিভাগৰ সংস্কাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপক আদৰণি জনাইছে।

নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই এই সন্দৰ্ভত কয় যে অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণত ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে গুৰুত্ব দিয়া নাছিল। মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ তিনি মাহৰ ভিতৰতে ৬৫০ বৰ্গ কিলোমিটাৰতকৈ অধিক অৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ভাৰততে এয়া এক নজিৰ বিহীন ঘটনা বুলি কয় নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই।

ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়ে এইদৰে শাসনৰ দায়িত্ব লৈয়ে ইমান বৃহৎ পৰিসৰৰ অৰণ্যক ৰাষ্ট্ৰীয় উদ্যান ৰূপে সংৰক্ষিত কৰা নাছিল বুলিও কয় নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই। অৰণ্য তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সদায় সহযোগ কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই।

লগতে পঢ়ক :  কোভিড নীতি ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি শোণিতপুৰ প্ৰশাসনৰ

উল্লেখ্য যে বুধবাৰে এক গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কাষত বন বিভাগৰ বীট অফিচ নাথাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কৰিছিল। “ৰাষ্ট্ৰীয় ঘাইপথসমূহত বন বিভাগৰ কাম নাই, পাহাৰ নতুবা অৰণ্য সমূহত হোৱা অনিয়ম চাওক। পাহাৰত অনিয়মেৰে শিল ভাঙি থকা চাওক। শিল ভাঙিব নোৱাৰিলে, গছ কাটিব নোৱাৰিলে ৰাষ্ট্ৰীয় ঘাইপথৰে আহিবই নোৱাৰে। গতিকে গুৰিতে অনিয়ম বন্ধ কৰক বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply