সোণাৰি: আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত সোণাৰিস্থিত চৰাইদেউ জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত নৱ সংকল্প শিবিৰ অনুষ্ঠিত কৰা হয়।

কিছুদিন পূৰ্বে ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হোৱা চিন্তন বৈঠকত গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্ত সমূহ কাৰ্যত পৰিণত কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গ্ৰহণ কৰা নিৰ্দিষ্ট কাৰ্যসূচীৰ ওপৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দিয়া নিৰ্দেশ তথা পৰামৰ্শ অনুযায়ী দিনযোৰা কাৰ্যসূচীৰে “নৱ সংকল্প শিবিৰ’’ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকীৰ নেতৃত্বত তথা অসম চাহ মজদুৰ সংঘৰ সোণাৰি শাখাৰ সম্পাদক প্ৰকাশ নাগৰ সঞ্চালনাত এই কাৰ্যসূচী আজি অনুষ্ঠিত হৈ যায়।

উক্ত শিবিৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা প্ৰেৰিত পৰ্যবেক্ষক তথা তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, জিলা কংগ্ৰেছ কমিটিৰ নেতৃবৃন্দ, ব্লক কংগ্ৰেছ কমিটি, জিলা মহিলা কংগ্ৰেছ কমিটি, যুৱ কংগ্ৰেছ, সেৱাদল, এন এছ ইউ আই, কংগ্ৰেছ দলৰ বিভিন্ন বিভাগৰ শীৰ্ষ নেতৃবৃন্দৰ লগতে কংগ্ৰেছ দলৰ দলীয় নেতা-কৰ্মী সকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply