নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে অসমৰ দুগৰাকী MasterChef India প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

শুক্ৰবাৰে MasterChef India ৰ ফাইনেলত তিনিগৰাকী ফাইনেলিষ্টিৰ ভিতৰত অসমৰ দুগৰাকীয়ে স্থান দখল কৰি ৰাখিছিল।

শুক্ৰবাৰে অনুষ্ঠিত হোৱা ফাইনেলত প্ৰথমবাৰৰ বাবে মাষ্টাৰ চেফ ইণ্ডিয়াৰ চেম্পিয়ন হিচাপে অসমৰ যুৱকে খিতাপ দখল কৰিবলৈ সক্ষম হয়।

ৰিয়েলিটি শ্ব’টোৰ এইবাৰ ৭ম সংস্কৰণ চেম্পিয়ন হয় তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়াই।

ইফালে অসমৰ আন গৰাকী অসমৰ প্ৰতিযোগী শান্তা শৰ্মা ৰাৰ্নাৰ্ছআপৰ খিতাপ অৰ্জন কৰে।

প্ৰথম দিনৰ পৰাই সুন্দৰ প্ৰদৰ্শন কৰা নয়ন জ্যোতি শইকীয়াই পুৰস্কাৰ হিচাপে MasterChef India ৰ ট্ৰফী পোৱাৰ লগতে আৰ্থিক পুৰস্কাৰ হিচাপে ২৫ লাখ টকা পাইছে।

ইফালে ৰাৰ্নাৰ্ছআপ শান্তা শৰ্মাই লাভ কৰে ৫ লাখ টকাৰ পুৰস্কাৰ।

ফাইনেলত অসমৰ দুগৰাকীৰ বাহিৰে মুম্বাইৰ সুভাৰ্ণা বাগুল ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক – মোদীৰ ডিগ্ৰী দাবী কৰাৰ বাবে কেজৰিৱালক ২০,০০০ টকাৰ জৰিমনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply