নাজিৰাঃ নাজিৰা এপ’ল ফাৰ্মাচীৰ বিৰুদ্ধে কঠোৰ নাজিৰা প্ৰশাসন। নাজিৰা প্ৰশাসনে চীল কৰিলে এপ’ল’ ফাৰ্মাচী।

নাজিৰা অ’এনজিৰ আৱাসিক এলেকাত অ’এনজিচিয়ে স্থাপন কৰিছিল এপ’ল’ ফাৰ্মাচীখন। কিন্তু কোনোধৰণৰ ট্ৰেড লাইচেন্স নোহোৱাকৈ এ’পল’ ফাৰ্মাচীৰ ঔষধ যোগান ধৰি আহিছিল গ্ৰাহকক।

ইয়াৰ উপৰিও কোনোধৰণৰ ৰিচিপ নিদিয়াকৈয়ে ঔষধ বিক্ৰী কৰাৰো অভিযোগ আছে ফাৰ্মাচীখনৰ বিৰুদ্ধে।

লগতে পঢ়কঃলামডিং বনাঞ্চলৰ মাটিৰ দালালি কৰা নজৰুল ইছলামক গ্ৰেপ্তাৰ

তাৰ পৰিপেক্ষিতত নাজিৰা প্ৰশাসনে চীল কৰে নাজিৰাৰ অ’এনজিচিস্থিত এ’পল’ ফাৰ্মাচী।নীতিবৰ্হিভূত ভাৱে এইদৰে এ’প’ল’ ফাৰ্মাচীয়ে ঔষধ বিক্ৰী কৰাৰক লৈ নাজিৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

অ’এনজিচিয়ে এই এ’প’ল ফাৰ্মাচী স্থাপন কৰি থলুৱা যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰি বহিৰাগত কোম্পানীৰ হাতত গতাই দিছিল। ইয়াৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনেও কৰি আহিছিল প্ৰতিবাদ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply