নাজিৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ শিমলুগুৰি টিপমীয়া গাঁৱৰ ৰাইজৰ মাজতো দেখা পোৱা গৈছে ভোগালীক লৈ ব্যাপক উছাহ।

গাঁওবাসীয়ে ইতিমধ্যে পথাৰত সাজু কৰি তুলিছে ভেলাঘৰ। কৃষিজীৱি অসমীয়া গ্ৰাম্য চহা জীৱনৰ অন্যতম অংগ ভোগালী বিহুৰ পৰম্পৰা ধৰি ৰাখি গাঁওবাসীয়ে পথাৰতে হাঁহে-মাহে উৰুকাৰ নিশা একেলগে এসাজ খাবলৈ প্ৰস্তুতি চলাইছে।

লগতে পঢ়কঃআজি উৰুকা! উৰুকাৰ নিশা জুতি লগাই এসাঁজ খাবলৈ বজাৰত গ্ৰাহকৰ ভিৰ

নৰা কাটি গাওঁখনৰ ডেকা-বুঢ়া সকলোৱে মিলি ভেলাঘৰ সাজি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

চৰকাৰে জাৰি কৰা SOP মতেই গাওঁবাসীয়ে পালন কৰিব হেপাহৰ ভোগালী। নিশা ১০ বজাৰ আগতেই ভোজ ভাত খাই পুৱা মেজি জ্বলাই সেৱা ল’ব বুলি গাওঁবাসীয়ে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply