নাজিৰাঃ বিপদজনক অৱস্থাত ইতিহাস প্ৰসিদ্ধ দিখৌ দলং৷ প্ৰায় ৭০ দশকতে নিৰ্মাণ হৈছিল নাজিৰাৰ দিখৌ দলং৷ সম্প্ৰতি এই দলংখনৰ ওপৰত বিপদজনক ভাবে ওলাই আছে ৰডৰ লগতে দ দ গাঁত ৷ ফলত দলঙেৰে যাতায়াত কৰোতে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হয় ৷

অ’এন জি চিৰ বুজন পৰিমাণৰ গাড়ীৰ লগতে শিল-কয়লা পৰিবাহী গধুৰ গধুৰ যানবাহন দৈনিক চলাচল কৰে নাজিৰা দিখৌ দলংৰ ওপৰেদি ৷

ধোদৰ আলিৰ ওপৰত থকা উক্ত দলংখন গড়কাপ্তানি বিভাগে মেৰামতি কৰে যদিও পুনৰ শোচনীয় হৈ পৰে ৷

লগতে পঢ়কঃবৈদ্যুতিক তাঁৰত লাগি এছ ডি আৰ এফ জোৱান গুৰুতৰ ভাৱে আহত

কোনো মন্ত্ৰীৰ আগমনৰ খবৰ পাই কেতিয়াবা মাটি দি দলঙৰ গাঁত আৰু বিপদজনক ভাবে ওলাই থকা ৰড্‌ সমূহ লুকুৱাই দায়িত্ব সামৰে বিভাগীয় কৰ্তৃপক্ষই |

ৰং-তেল দি ওপৰৰ ভাগ দেখনিয়াৰ কৰে যদিও দলংখনৰ উপযুক্ত নিৰ্মাণ নহয় কিয় সেইলৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে ৰাইজৰ মাজত ৷

প্ৰায়ে দল-সংগঠনে দলংখনৰ নিৰ্মাণৰ বাবে আন্দোলন কৰে ৷ তথাপিও গা নলৰে বিভাগীয় কৰ্তৃপক্ষৰ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply