নাজিৰাঃ নাজিৰা মহকুমাত বিগত কিছুদিনৰ পৰা সামান্য এজাক বৰষুণ আহিলেই বন্ধ হৈ যায় বিদ্যুৎ যোগান যাৰ ফলত উৎকট গৰমত কেতিয়াবা উজাগৰে কটাবলগীয়া হৈ পৰে নাজিৰাবাসী।
অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ মন্ত্ৰীয়ে যিমানেই বিদ্যুৎ বিভাগৰ কাম উন্নত হোৱাৰ ব্যৱস্থা কৰিছে বুলি কৈ নাথাকক কিয় একাংশ কৰ্মচাৰীৰ বাবে সাধাৰণ জনসাধাৰণেই সমস্যাত পৰিছে ৷
নাজিৰাৰ বিভিন্ন স্থানত থকা ট্ৰেন্সফৰ্মাৰৰ ওপৰত আৰু বহু বিদ্যুত পৰিবাহী তাঁৰত গছ-লতাৰে ভৰি পৰিছে যদিও বিভাগটোৰ গুৰুত্ব নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷
লগতে পঢ়কঃআৰক্ষী আৰু বিএছএফৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ
এনেকুৱা কাৰণতে সাধাৰণ এজাক বতাহ-বৰষুণতে ঘন্টা জুৰি ঘন্টা বিদ্যুৎ কৰ্তন হোৱাৰ ফলত সাধাৰণ ৰাইজৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে ৷
২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে শাসন ভাৰ লোৱা চৰকাৰে কেতিয়ালৈ এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিব তাকে আশাৰে বাট চাই আছে সাধাৰণ জনতা ৷
ইফালে এইক্ষেত্ৰত বিদ্যুৎ বিভাগৰ নাজিৰা উপসংমণ্ডলৰ বিষয়াই কৰ্মচাৰীৰ অভাৱ বুলি দায় সৰা মন্তব্য কৰে।