নাজিৰাঃ নাজিৰাত এটা ঐতিহাসিক পথৰ আধাৰশিলা স্থাপন । নাজিৰা সমষ্টিৰ নাজিৰা গাওঁ পঞ্চায়তৰ এটি ঐতিহাসিক পথ শেনৰ আলি গাওঁৰ মাজেদি যোৱা বুধবাৰী সত্ৰৰ পৰা বাঁহগড় চাৰিআলি হৈ বৰআলি লৈ যোৱা মুঠ ৩.৮৭৫ কি:মি: দৈৰ্ঘ্যৰ পথটিৰ আজি আধাৰশিলা স্থাপন কৰে যোৰহাট লোকসভা সাংসদ তপন গগৈ আৰু বিধায়ক দেৱব্ৰত শইকীয়াই।
মুঠ ২,৪৮,৫১,৭০০ টকা আৱন্টন হোৱা এই পথটোৰ নিৰ্মাণ হ’লে অঞ্চলটোৰ লোকসকলৰ বহু সমস্যা সমাধান হ’ব।
লগতে পঢ়কঃকাছাৰৰ লাইলাপুৰত বৃহৎপৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
এই পথৰ যোগেদিয়ে অঞ্চলটোৰ লোকসকলে লিগিৰী পুখুৰীস্থিত হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় যাবলৈ যথেষ্ট সুবিধা হৈ পৰিব ।
দেশ স্বাধীন হোৱাৰ পাছৰে পৰা এই পথৰ কোনোধৰণৰ উন্নতি হোৱা নাছিল যাৰ ফলত অঞ্চলটোৰ ৰাইজে বহুতো সমস্য়াৰ সন্মুখীন হৈছিল। কিন্তু বৰ্তমান পথটোৰ নিৰ্মাণৰ খবৰে অঞ্চলটোৰ ৰাইজৰ বাবে এক সুখবৰ কঢ়িয়াই লৈ আহিছে।