নাজিৰাঃ ৰাজ্যৰ আন আন ঠাইৰ দৰে নাজিৰাতো গাড়ী -বাইক চুৰি ঘটনা দিনক দিনে বৃদ্ধি পাইছে।ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে নাজিৰা। এইবাৰ শিমলুগুৰি আৰক্ষীৰ নাকৰ তলতে চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড।
শিমলুগুৰি আৰক্ষী থানাৰ নিচেই কাষৰপৰাই চোৰে চুৰ কৰি লৈ যায় এখন টাটা চুমু। নাজিৰা বালিঘাট তিনিআলিস্থিত ৰিফিকুল ইছলাম নামৰ ব্যক্তিজনৰ নিজা বাসগৃহৰ চৌহদৰপৰাই চোৰে AS04 BC 3654 নম্বৰৰ টাটা চুমু গল্ড বাহনখন লৈ যায়। ঘটনা সন্দৰ্ভত গৰাকী ৰিফিকুলে শিমলুগুৰি আৰক্ষীৰ কাষ চাপিছে।
এই ক্ষেত্ৰত নাজিৰা মহকুমাৰ নৱ নিযুক্ত মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ’ব।
লগতে পঢ়কঃমাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি ব্যক্তিৰ আত্মহনন