নাজিৰাঃ যি সময়ত কোনো কোনো অঞ্চলত এটা ট্ৰেন্সফৰ্মাৰৰ অভাৱত কম ভলটেজত ৰাইজে জিয়াতু ভুগিছে, সেই সময়ত নাজিৰাৰ গড়গাঁও বিদ্যুৎ সংমণ্ডলত ৰ’দ-বৰষুণত মাটিতে পৰি আছে কোটি টকাৰ ট্ৰেন্সফৰ্মাৰ।

লোকচানৰ বাবে কেৱল উপভোক্তাসকলকে দোষী সজাই অহা শক্তি বিতৰণ কোম্পানীটোৰ নাজিৰা সংমণ্ডলৰ এক দৃশ্যই এতিয়া সকলোকে চকু কপালত তুলিছে।

সংমণ্ডলটোৰ নাজিৰা শাখাৰ গড়গাঁওস্থিত কাৰ্যালয়ৰ চৌহদ দৃশ্য এইয়া। কোটি কোটি টকাৰ ট্ৰেন্সফৰ্মাৰ এনেদৰে পৰি ৰৈছে কাৰ্যালয়ৰ কাষৰ পথৰ কাষত।

লগতে পঢ়কঃড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

যি সময়ত গ্ৰামাঞ্চলৰ ৰাইজে উপযুক্ত ভল্টেজৰ বাবে হাবাথুৰি খাইছে সেই সময়তে এনেদৰে কোটি কোটি টকাৰ ট্ৰেন্সফৰ্মাৰ নাজিৰা বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত পৰি ৰোৱা এই ঘটনাই ৰাইজৰ মাজত চৰ্চাৰ সৃষ্টি হৈছে।

লোকচানৰ দোহাই দি নিয়মিতভাৱে বিদ্যুৎ মাচুল বৃদ্ধিৰে সৰ্বসাধাৰণক মাধমাৰ শোধাই অহা APDCLত বৰ্তমান চলিছে ধনৰ শৰাধ।

প্ৰতিস্থানটোৰ এনে কাৰ্য্যৰ বিৰূদ্ধে শেহতীয়াকৈ সৰৱ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একাধিক দল সংগঠনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,758 other subscribers

Leave a comment

Leave a Reply