নাজিৰাঃ ৰাজ্যত ভুৱা, নথিপত্ৰ বিহীন অথবা অনা অসমীয়া ভাষাৰ ব্যৱহাৰ হোৱা ব্যৱসায় প্ৰতিষ্ঠান আৰু ঔষধ যোগান ধৰা ফাৰ্মাচীৰ বিপৰীতে এইবাৰ ৰাইজক সু-স্বাদ্য খাদ্য খুওৱাৰ নামত নগৰৰ অলিয়ে গলিয়ে গঢ় লৈ উঠিছে একাংশ প্ৰতিষ্ঠান ।
নাজিৰাত ব্যৱসায়িক প্ৰতিষ্ঠান ” ইউ এছ পিজাই” ৩ মাহ ধৰি নথিপত্ৰ অবিহনে কৰ ফাঁকিৰে ব্যৱসায় চলাই অহাৰ অভিযোগ। কিছুদিন আগতে নাজিৰাৰ এপ’ল’ ফাৰ্মাচীয়েও ট্ৰেড লাইচেন্স অবিহনেই ব্যৱসায় চলাই অহাৰ অভিযোগ পোহৰলৈ অহাৰ পিছতেই ইউ এছ পিজা’’ৰ বিৰুদ্ধে এইবাৰ অভিযোগ উত্থাপন কৰিছে বীৰ লাচিত সেনাই।
এচাম চহকী ভদ্ৰ লোকে চৰকাৰৰ চকুত ধূলি দি বৃহৎ কৰ ফাঁকি দি এইদৰেই ব্যৱসায় চলাই আছে। নাজিৰা অ’এনজিচি ট্ৰেফিক চাৰিআলি সমীপত অৱস্থিত এইখন ব্যৱসায় প্ৰতিষ্ঠান।
স্থানীয় ৰাইজ আৰু বীৰ লাচিত সেনাৰ চৰজমিন তদন্তৰ পাছত পোহৰলৈ আহিছে এই বিষয়ে। নাজিৰা নগৰ চাৰিআলিত ইউ এছ পিজা নামৰে অনা অসমীয়া ভাষাৰ ব’ৰ্ড ব্যৱহাৰ কৰি প্ৰায় তিনি মাহ মান ধৰি ব্যৱসায় চলাই অহা অনা-অসমীয়া স্বত্বাধীকাৰ গৰাকীয়ে কাৰ স্বত্বচায়াত এইদৰে নগৰৰ মাজ মজিয়াত নথিপত্ৰ বিহীন ভাৱে ৰাইজক সু-স্বাদ্য খাদ্য যোগান ধৰি গৈছে সেয়ে লৈ ৰাইজ তথা বীৰ লাচিত সেনাই নাজিৰা পৌৰসভা আৰু মহকুমা প্ৰশাসনক স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে।