গুৱাহাটীঃ তৃতীয় ৰাইছমদি নুনিচা সোৱৰণি উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নশ্বিপ ট্ৰফীৰ শুকুৰবাৰৰ মেচত এন ডি ২৪ দলে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ ( ডি ডি কে ) দলক ১০ উইকেটত পৰাস্ত কৰি অগ্ৰগতি লাভ কৰিছে ।

প্ৰথমে বেট ধৰি ডিডিকে দলে ১৫.৫ অভাৰত ৫৭ ৰাণতে ইনিঙছ সামৰে । দলৰ অনুজ বাছফৰে ২১ আৰু গৌতম শৰ্মাই ১৩ ৰাণৰ বৰঙণি আগবঢ়ায় । প্ৰতিপক্ষৰ বিকাশ ছেত্ৰীয়ে মাত্ৰ ৪ ৰাণ ব্যয় কৰি ৬ টা উইকেট দখল কৰে।

প্ৰত্যূত্তৰত ৰঞ্জিত চাঙমাইৰ বিস্ফোৰক ৫৮ ৰাণৰ দ্বাৰা এন ডি ২৪ দলে মাত্ৰ ২.৪ অভাৰত ১০ উইকেটত সহজে বিজয় সাব্যস্ত কৰে । বিকাশ ছেত্ৰীক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত গৌতম দাসে।

লগতে পঢ়কঃৰাজ্যত চলি থকা এনকাউন্টাৰক লৈ মানৱ অধিকাৰ কৰ্মী

ইফালে দ্বিতীয় মেচত কাৰ্বি আংলং প্ৰেছ ক্লাবে এন কে টিভিক ৭ উইকেটত পৰাস্ত কৰে । এন কে টিভিয়ে লক্ষ্যজিৎ গোহাঁইৰ ৩৩ আৰু জিতুমণি মেধিৰ ৩২ ৰাণৰ সহায়ত ২০ অভাৰত ৯ উইকেটত কৰে ১৪১ ৰাণ।

প্ৰতিপক্ষৰ ৰাজু ঘোষ আৰু মৃদুল ৰংপীয়ে ৩ টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত কাৰ্বি আংলং প্ৰেছ ক্লাবে ১৭.৩ অভাৰত মাত্ৰ ৩ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। কাৰ্বি দলৰ মৃদুল ৰংপীয়ে অপৰাজিত ৭৬ আৰু বিবিছন ৰংপীয়ে ৩৯ ৰাণৰ অৱদান আগবঢ়ায়। মেন অৱ দ্য মেচ মৃদুল ৰংপীক ট্ৰফী প্ৰদান কৰে সমাজ কৰ্মী ৰমেন বৰঠাকুৰে। শনিবাৰে প্ৰথম মেচত প্ৰতিদিন টাইমছে অসমীয়া প্ৰতিদিন আৰু দ্বিতীয় মেচত নিউজ টাইমছে কাৰ্বি আংলং প্ৰেছ ক্লাবৰ বিৰুদ্ধে খেলিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply