গুৱাহাটীঃ ২০০৮চনৰ ৩০ অক্টোবৰ এই দিনটোত ধাৰাবাহিক বিস্ফোৰণত কপি উঠিছিল সমগ্ৰ অসম । বোমা বিস্ফোৰণে প্ৰাণ কাঢ়ি নিছিল বহুতৰে জীৱন। এই ভয়াবহ বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
উল্লেখ্য যে, এই বিস্ফোৰণৰ লগত জড়িত ১৪জন দোষীক যাৱজীৱন কাৰাদণ্ড ঘোষণা কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে।
১৪জন দোষীৰ ৪জন অভিযুক্তক ইতিমধ্যে খালাচ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পিছে আন ১০জনৰ পূৰ্বৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে।
আদালতে দোষমুক্ত ঘোষণা কৰা কেইজন হ’ল অনচাই বড়ো, লখৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম আৰু জয়ন্তী ব্ৰহ্ম।
আনহাতে ৰঞ্জন দৈমাৰী, অজয় বসুমতাৰী, ৰাজু সৰকাৰ, খৰ্গেশ্বৰ বচুমতাৰী, জৰ্জ বড়ো, ৰাজেন গয়াৰী আৰু বৈশাগী বসুমতাৰীৰ শাস্তি বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
বিভীষিকাময় ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীত ৩টা, বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টাকৈ বিস্ফোৰণ সংঘটিত হৈছিল । বিস্ফোৰণৰ ফলত ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল ৪৭০ জন লোক ।
লগতে পঢ়কঃPFIৰ বিৰুদ্ধে অভিযান অব্যাহত: পুনৰ অসমত আটক ২৫জন পিএফআই নেতা–কৰ্মী