গুৱাহাটীঃ ১৯৯২ চনত ওদালগুৰিত সংঘটিত এক গুলীচালনাৰ ঘটনাৰ লগত জড়িত এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক দোষমুক্ত ঘোষণা কৰিছে টাডা আদালতে। এই গুলীচালনাৰ ঘটনাত পাঁচজন লোকৰ মৃত্যু হৈছিল আৰু আহত হৈছিল এজন। আহতজনৰ পিছত মৃত্যু হৈছিল। চাবিলাল শৰ্মা নামৰ এজন লোকে ৰঞ্জন দৈমাৰীৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰটো ১৭/১৯৯২ নম্বৰত পঞ্জীয়ন হৈছিল৷
দৈমাৰীৰ অধিবক্তা মানস শৰণীয়াই পিটিআইক কৈছিল যে টাডা আদালতে দৈমাৰীক ২০০০ চনত ৰুজু হোৱা এক গোচৰত নিৰ্দোষী সাব্যস্ত কৰিছে। ২০১১ চনত এই গোচৰত ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ ভিতৰতে গ্রেপ্তাৰ কৰা হৈছিল৷ পৰৱর্তী সময়ত দৈমাৰীৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰা হৈছিল৷ অৱশ্যে গোচৰটোত অভিযুক্ত কেইবাজনৰো ইতিমধ্যে মৃত্যু হৈছে যদিও দৈমাৰী আৰু ধর্মকান্ত বড়োৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া অব্যাহত আছিল৷ গুলীচালনাৰ ঘটনাৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকাৰ কোনোধৰণৰ সাক্ষ্য–প্রমাণ দাখিল কৰিব নোৱাৰাৰ বাবেই দৈমাৰীক আজি আদালতে দোষমুক্ত ঘোষণা কৰে৷ দৈমাৰীৰ উপৰি একেটা গোচৰত ধর্মকান্ত বড়ো নামৰ আন এজন লোককো অভিযোগমুক্ত কৰা হৈছে৷
উল্লেখ্য যে, ২০০৮ চনত অসমত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ এটা গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত দৈমাৰীয়ে ইতিমধ্যে যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে।
২০১৯ চনৰ জানুৱাৰীত চিবিআইৰ এখন বিশেষ আদালতে ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত ১৫ জন লোকক দোষী সাব্যস্ত কৰিছিল, যাৰ ভিতৰত ১০ জন লোকক আজীৱন কাৰাদণ্ড দিয়া হৈছিল।
এনডিএফবিৰ মুৰব্বী দৈমাৰী ২০০৮ চনৰ ৩০ অক্টোবৰত ৰাজ্যখনত ৯টা ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰিছিল, যাৰ ফলত ৮৮ জন লোক নিহত হৈছিল আৰু ৫০০ ৰো অধিক লোক আহত হৈছিল।