সোণাৰি: এক শ্বাসৰূদ্ধকৰ পৰিৱেশে বিৰাজ কৰিলে সোণাৰি আৰক্ষী থানা। আজি পুৱাৰ ভাগত সংঘটিত ভূমিকম্পৰ ফলত হঠাৎ হুৱাদুৱা লাগিল সোণাৰিত। ভূমিকম্পৰ ফলত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিল সোণাৰিৰ আৰক্ষী। ৰিখটাৰ স্কেলত ৮.৫ প্ৰাৱল্যৰ ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতি সাধন হল সোণাৰি আৰক্ষী থানা।
ইয়াৰ পৰিপ্ৰেক্ষিতত লগে লগেই খবৰ দিয়া হ’ল এনডিআৰএফক। খবৰ পায় ইটানগৰস্থিত ১২ নং এনডিআৰএফৰ এটা বৃহৎ দল আহি উপস্থিত হ’ল সোণাৰি আৰক্ষী থানাত। ডেপুটি কামাণ্ডেণ্ট প্ৰণৱ দৈমাৰীৰ নেতৃত্বত অহা ৩০ জনীয়া দলটোৱে তৎপৰতাৰে উদ্ধাৰ অভিযান চলায় অৱশেষত আৱদ্ধ হৈ পৰা লোকসকলক ঘৰৰপৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰকৃততে এই শ্বাসৰূদ্ধকৰ ঘটনা আজি সংঘটিত হোৱা নাছিল সোণাৰিত।
এয়া আছিল সোণাৰি আৰক্ষী থানাত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ দ্বাৰা কৰা ম’ক টেষ্ট কাৰ্যসূচীৰ কিছু অংশহে। উল্লেখ্য যে ইটানগৰ স্থিত ১২ নং এনডিআৰএফৰ দ্বাৰা আজি সোণাৰি আৰক্ষী থানাত এটা ম’ক টেষ্ট কৰা হয়। চৰাইদেউ জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, আৰক্ষী অধীক্ষক, প্ৰশাসনৰ বিষয়া তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া-কৰ্মচাৰী, স্থানীয় আৰক্ষী, স্বাস্থ্য বিভাগ, অগ্নিনিৰ্বাপক বাহিনী তথা শক্তি বিভাগৰ উপস্থিতিত আজি আয়োজন কৰা হয় পৰীক্ষণ কাৰ্যসূচী।
লগতে পঢ়ক-জম্মু কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা; ৯ জন যাত্ৰীৰ মৃত্যু, ১৫জন আহত
এই কাৰ্যসূচীৰ জৰিয়তে ভূমিকম্প আহিলে জনসাধাৰণে কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগে, ভূমিকম্পৰ ফলত হব পৰা সম্ভাৱনীয়তা তথা এই ক্ষেত্রত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমণ বাহিনীৰ দ্বাৰা কেনেদৰে উদ্ধাৰ অভিযান চলোৱা হয় এই সন্দৰ্ভত অৱগত কৰা হয় জনসাধাৰণক।