নিউজ ডেস্ক : অক্টোবৰৰ আধা মাহ পাৰ হৈ যোৱাৰ পিছতো অসমকে ধৰি উত্তৰ-পূবত গৰমৰ প্ৰকোপ কমা নাই। বুধবাৰে গুৱাহাটী মহানগৰীত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৬.৫ ডিগ্ৰী চেলচিয়াছ আনহাতে ডিব্ৰুগড়ত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৫.৮ ডিগ্ৰী চেলচিয়াছ।

আনহাতে অৰুণাচল প্ৰদেশৰ ইটানগৰত তাপমাত্ৰ ৩৭.৮ ডিগ্ৰী চেলচিয়াছ পৰ্য্যন্ত বৃদ্ধি পায়, আগৰতলাত তাপমাত্ৰা আছিল ৩৪.৮ ডিগ্ৰী চেলচিয়াছ। একেদৰে উত্তৰ-পূবৰ বাকী ৰাজ্য সমূহতো তাপমাত্ৰ ৩০ ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে আছিল।

অৱশ্যে ইয়াৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা দিনকেইটাত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন অঞ্চলত গৰমৰ প্ৰকোপ কমাৰ সম্ভাৱনা আছে বুলি ভৱিষ্যতবাণী কৰিছে যদিও ই স্বাভাৱিক তাপমাত্ৰাতকৈ ওপৰত থাকিব বুলি জানিবলৈ দিয়ে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা ৭ দিনত গুৱাহাটীৰ তাপমাত্ৰ সৰ্বাধিক ৩২-৩৩ ডিগ্ৰী চেলচিয়াছৰ ওচৰত আৰু সৰ্বনিম্ন ২৪-২৫ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থাকিব বুলি পূৰ্বানুমান কৰিছে।

ইয়াৰ উপৰি অসমকে ধৰি উত্তৰ-পূবৰ কোনো কোনো অঞ্চলত পাতলীয়া ধৰণৰ বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বানুমান কৰিছে।

লগতে পঢ়ক : ২০ বছৰত উত্তৰ-পূবত লোপ পাইছে ৫-১৪ শতাংশ কেনপি কভাৰ, অসম শীৰ্ষত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply