নিউজ ডেস্ক : বছৰটোৰ প্ৰথমটো বানত ৰাজ্যত এই পৰ্য্যন্ত প্ৰায় ৩২,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে। সোমবাৰে এখন বিভাগীয় বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিশ্বনাথ আৰু লখিমপুৰ জিলাত এতিয়ালৈকে ৩১,৯৭০ গৰাকী ব্যক্তি বানৰ কবলত পৰিছে।

লখিমপুৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা, জিলাখনত ৩১,৯৫৯ গৰাকী লোক বানৰ কবলত পৰা বুলি বিজ্ঞপ্তিত কোৱা হয়।

লগতে পঢ়ক : ৰাজ্যত ভেকচিনৰ নাটনি : সময়সীমা পাৰ হোৱাৰ পিছতো দ্বিতীয়টো পালি লাভ কৰা নাই বহুজনে

অৱশ্যে কেন্দ্ৰীয় জল কমিছনৰ তথ্য অনুসৰি অসমৰ কোনো নৈ বৰ্তমান বিপদসীমাৰ ওপৰেদি বৈ থকা নাই।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মতে, বৰ্তমান ৰাজ্যখনৰ ২২ গাঁও পানীত বুৰ গৈ আছে আৰু তিনিখন জিলাৰ ৪১৩.৩ হেক্টৰ কৃষিভূমি বানপানীত ক্ষতিগ্ৰস্ত হৈছে। বাক্সা আৰু বিশ্বনাথ জিলাৰ মথাউৰি, ৰাস্তা আদি বানপানীৰ দ্বাৰা ক্ষতিসাধন হৈছে।

বাক্সা, বৰপেটা, বিশ্বনাথ, গোৱালপাৰা, কামৰূপ, মৰিগাঁও আৰু নলবাৰীৰ বহু ঠাইত যথেষ্ট গৰা খহনীয়াৰ কবলত পৰাৰ খবৰ অহাৰ লগতে কামৰূপ মহানগৰৰ ঠায়ে ঠায়ে কৃঠিম বানপানীৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply