গুৱাহাটীঃ নেডফিৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি নেডফি ভৱনত নেডফি মাইক্ৰ’ লেণ্ডিং আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াব ১০০ কোটি টকা। ৰাজ্যজুৰি প্ৰায় ২৪ লাখ মহিলাক উপকৃত কৰিবলৈ মাইক্ৰ’ ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিও ৰূপায়ণ কৰা হৈছে। এই আঁচনি ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰ হ’ব লাগে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ ৫০০হিতাধিকাৰীক এই আঁচনিয়ে সাঙুৰি ল’ব ।

ইপিনে হৰ ঘৰ ত্ৰিৰংগা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত ৩৩ লাখ পতাকা তৈয়াৰ কৰা হৈছিল । ৩৩লাখ পতাকা বিক্ৰী কৰি আত্মসহায়ক গোটসমূহে ১২ কোটি টকা লাভ কৰিলে।

এই অনুষ্ঠানতে শিক্ষাৰ্থীসকলক স্থানীয় শিপিনীয়ে প্ৰস্তুত কৰা বিদ্যালয়ৰ ইউনিফৰ্ম বিতৰণ কৰাৰ লগতে নেডফি হাট ৱেবছাইট মুকলি কৰি অগ্নিবীৰ আঁচনিৰ অধীনত আবেদনকাৰীৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰো উদ্বোধন কৰে। নেডফিয়ে নিজৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে অগ্নিবীৰ আঁচনিৰ অধীনত আবেদনকাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে যাতে অগ্নিবীৰ প্ৰত্যাশীসকলক সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ উৎসাহিত, প্ৰশিক্ষণ আৰু প্ৰেৰণা দিয়া হয়। ইয়াৰ লগতে উত্তৰ-পূব পৰিষদ আৰু নেডফিৰ যৌথ উদ্যোগত প্ৰস্তুত কৰা এটা ম’বাইল এপ মুকলি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত আছিল নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্তি, কাৰ্যবাহী সঞ্চালক এছ কে বৰুৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply