গুৱাহাটীঃ পুনৰ অসমবাসীৰ বাবে আন এক দুঃখবৰ । অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান। শুকুৰবাৰে জিএমচিএইচত ৩বাজি১৫মিনিটত শেষনিশ্বাস ত্যাগ কৰিলে চিত্ৰশিল্পীগৰাকীয়ে। ২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।
চিত্ৰশিল্পী গৰাকীৰ ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক জিএমচিএইচৰ আইচিইউত ৰখা হৈছিল। অৱশেষত চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা মেলানি মাগিলে চিত্ৰশিল্পী গৰাকীয়ে।
নীলপৱন বৰুৱাৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১জুনত যোৰহাট জিলাৰ টীয়কৰ তামুলীছিঙা গাঁৱত। প্ৰয়াত নীলপৱন বৰুৱা অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰৰ স্বামী আছিল। ২০২১ চনত অসম চৰকাৰে নীল পৱন বৰুৱাক ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰিছিল।