নাগালেণ্ডৰ মুখ্যমন্ত্ৰী তথা বিত্ত বিভাগৰ দায়িত্বত থকা মন্ত্ৰী নেইফিউ ৰিঅ’ই আজি নতুন চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিবলৈ সাজু হৈছে।

ৰিঅ’ই টুইটাৰত টুইত যোগে জনাই যে,  “২০২৩-২০২৪ বৰ্ষৰ বাবে চতুৰ্দশ বিধানসভাৰ প্ৰথম বাজেট দাখিল কৰিব”।

জানিব পৰা মতে, ২০২২ চনত ৰিঅ’ই ২০২২-২৩ বৰ্ষৰ বাবে ২২১২.৭৪ কোটি টকাৰ ঘাটি দাখিল কৰিছিল। ২০২১-২২ বৰ্ষৰ ঋণাত্মক মুকলি ধন ২৩৬৩.০৪ কোটি টকা।

২০২২-২৩ চনৰ বাজেট হিচাপ অনুসৰি মুঠ লাভৰ পৰিমাণ ২৪,৩৮৯.৮০ কোটি আৰু মুঠ ব্যয় ২৪,২৩৯.৫০ কোটি টকা।

মুখ্যমন্ত্ৰী ৰিঅ’ৰ নেতৃত্বত নতুন চৰকাৰখনে যোৱা ২০ মাৰ্চৰ পৰা চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ প্ৰথম অধিৱেশন আৰম্ভ কৰে।

আনহাতে, মঙলবাৰে চলি থকা বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply