গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত নিজ কার্যালয়ৰ সভাকক্ষত আয়ােজিত এক ভিডিঅ’কনফাৰেন্সৰ জৰিয়তে ইণ্ডিয়ান ফার্মার্ড ফার্টিলাইজাৰ কো-অপাৰেটিভ লিমিটেড (ইফকো)ৱে প্ৰস্তুত কৰা নেন’ ইউৰিয়া প্ৰথমবাৰৰ বাবে অসমলৈ প্ৰেৰণ প্রক্রিয়াৰ ভার্চুৱেলী ফ্লেগ অফ কৰে। উল্লেখযােগ্য যে বিশ্বত প্রথমবাৰৰ বাবে ইফকোৱে নেন’ ইউৰিয়া টেকনলজি উদ্ভাৱন কৰিছে, যি কৃষিক্ষেত্ৰত প্ৰয়ােগৰ ক্ষেত্ৰত পৰম্পৰাগত ইউৰিয়াৰ শক্তিশালী বিকল্প হৈ উঠিব বুলি আশা কৰা হৈছে।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইফকোৰ এই পদক্ষেপক আধুনিক কৃষিৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰে। এই অসামান্য সাফল্যৰ বাবে তেওঁ সংস্থাটোক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতেও কৃষি খণ্ডৰ আমূল পৰিৱৰ্তন সাধনত ই নির্ণায়ক প্রদর্শন আগবঢ়াই যাবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে। দেশৰ কৃষকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ লক্ষ্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৯-২০ বিত্তীয় বৰ্ষত ভাৰত চৰকাৰে মাথোঁ ইউৰিয়াৰ ৰাজসাহায্য হিচাপেই ৫৫ হাজাৰ কোটি টকা ব্যয় কৰিছে।
নেন’ ইউৰিয়াৰ উদ্ভাৱনে ৰাজকোষৰ এই বৃহৎ পুঁজি বচোৱাত সহায়ক হ’ব বুলি তেওঁ আশা প্রকাশ কৰে। নেন’ ইউৰিয়াৰ ৫০০ মিলিলিটাৰযুক্ত মাথোঁ এটা বটলেই ৪৫ কিলােগ্রামযুক্ত পৰম্পৰাগত ইউৰিয়াৰ এটা বেগৰ সমান পুষ্টি যােগান ধৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত সাৰৰ পৰিবহণ, মজুতকৰণ আদিৰ ব্যয়ে যথেষ্ট পৰিমাণে হ্রাস পাব। দেশৰ সাধাৰণ কৃষকসকলৰ কল্যাণৰ স্বাৰ্থত ইফকোৱে উদ্ভাৱন কৰা এই মূল্যৱান প্রযুক্তি দেশৰ অন্যান্য ৰাজহুৱা খণ্ডৰ উদ্যোগকো প্রদান কৰি সংস্থাটোৱে প্ৰদৰ্শন কৰা উদাৰতাৰাে মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে শলাগ লয়।
নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে অসমত নেন’ ইউৰিয়া উৎপাদনৰ এক প্রকল্প স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ ইফকোৰ প্রতি আহ্বান জনায়। ৰাজ্যখনত মাজে-সময়ে দেখা দিয়া ইউৰিয়া আৰু অন্যান্য সাৰৰ ব্যাপক নাটনিৰ প্ৰসংগ উল্লেখ কৰি এই দিশত বিশেষ চকু দিয়াৰ লগতে ৰাজ্যৰ কৃষকসকললৈ ৰাসায়নিক সাৰৰ সুষম আৰু নিয়মীয়া যােগান সুনিশ্চিত কৰাৰ বাবে সাৰ বিতৰণ প্ৰক্ৰিয়াটো সুশৃংখলিতকৰণৰ পদক্ষেপ ল’বলৈও তেওঁ ইকোক আহ্বান জনায়। অনুষ্ঠানত কৃষিমন্ত্রী অতুল বৰা আৰু ইফকোৰ পৰিচালন সঞ্চালক ড° উদয় শংকৰ অৱস্থীয়েও ভাষণ প্রদান কৰে।
লগতে পঢ়ক : আৰ্থিক অনাটন, জাতিবাদৰ বলিৰ মাজতে সফলতাৰ জয়গান ভাৰতীয় হকী তাৰকাৰ
ইফকোৰ অধ্যক্ষ বলবিন্দৰ সিং নাকাইয়ে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়ায় ইফকোৰ উপাধ্যক্ষ দিলীপ সাংহানীয়ে। এই ভার্চুৱেল ফ্লেগ অফ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱা, ইফকোৰ ৰাজ্যিক বিপণন প্ৰৱন্ধক (উত্তৰ-পূব) অজিত ভট্টাচাৰ্যৰ লগতে সংস্থাটোৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে।