গুৱাহাটী : দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সন্থাৰ প্ৰতিবাদ। সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে দীঘলীপুখুৰীৰ পাৰ।
নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছৰ গুলীত নিৰীহ লোক নিহত হোৱাৰ পিছতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত আছে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক : এইবাৰ নলবাৰী জিলাৰ এখন গাঁৱত ভালুকৰ সন্ত্ৰাস
সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। নেছ’ৰ আহ্বানত দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ খণ্ড কৰা হয়। প্ৰতিবাদস্থলীত নেছ’ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে নেছ’ৰ বিষয়ববীয়াও সকলো উপস্থিত থাকে।