নিউজ ডেস্ক : বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ নতুন নিয়ম অনুসৰি ১ অক্টোবৰৰ পৰা দেশৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহত নতুন শিক্ষাবৰ্ষ আৰম্ভ হ’ব আৰু ইয়াৰ উদ্দেশ্যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
চি বি এছ ই (CBSE) আৰু আই চি এছ ই (ICSE) আৰু ৰাজ্যিক বৰ্ডসমূহৰ ফলাফল ঘোষণা কৰাৰ পিছতে বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কোৱা হৈছে।
‘অহা ৩১ জুলাইৰ ভিতৰত সকলো বৰ্ডৰ দ্বাদশ শ্ৰেণীৰ ফলাফল সমূহ ঘোষণা হ’ব লাগে। যদি কিবা কাৰণত ফলাফল ঘোষণাত কিছু পলম হয় তেন্তে নতুন শিক্ষাবৰ্ষ ১৮ অক্টোবৰৰ পৰা আৰম্ভ কৰিব পৰা যাব,’ UGC –ৰ গাইডলাইনত কোৱা হয়।
ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত, শিক্ষাদান কাৰ্য্য অফলাইন, অনলাইন বা দুয়োধৰণে চলি থাকিব লাগিব বুলি বিশ্ববিদ্যালয় অনুদান আয়োগে স্পষ্ট কৰি দিয়ে।
ইয়াৰ উপৰি ৩১ আগষ্টৰ ভিতৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহক চূড়ান্ত বৰ্ষ বা চূড়ান্ত পাঠ্যকালৰ পৰীক্ষা অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰা হৈছে। পৰীক্ষাসমূহ অফলাইন, অনলাইন বা দুয়োধৰণে অনুষ্ঠিত কৰিব পাৰিব।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : অসম বিদ্যুৎ নিয়ামক নিগমত নিযুক্তিৰ বাবে আৱেদন আহ্বান