গুৱাহাটী : ক’ভিড সৃষ্ট পৰিস্থিতি বাবে এইবাৰ অনুষ্ঠিত নহয় হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। এক বিশেষ ব্যৱস্থাৰে এইবাৰে হাই স্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰী সকলক উত্তীৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ইয়াৰ মাজতে এইবাৰৰ ফলাফলৰ ভিত্তিত ছাত্ৰ-ছাত্ৰী সকলে চাকৰি লাভ নকৰাৰ বিষয়টোকলৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও প্ৰতিবাদ জনাইছে।
পৰীক্ষাৰ ফলাফলকলৈ প্ৰতিবাদ চলি থকাৰ মাজতে এইবাৰ ফলাফলৰ ক্ষেত্ৰত ইতিমধ্যে ঘোষণা কৰা ৫ নং দফা বাতিলৰ সিদ্ধান্ত ল’লে শিক্ষা বিভাগে। নতুন ঘোষণা মতে এতিয়া এই ফলাফল সকলো চাকৰিৰ বাবে প্ৰযোজ্য হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আছু, যুৱ ছাত্ৰ পৰিষদ আৰু আবছুৰ নেতৃত্বৰ অনুষ্ঠিত হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হয়। এতিয়া কেৱল মূল্যায়নৰ ভিত্তিতেই ফলাফল ঘোষণা কৰা হ’ব বুলিও ঘোষণা কৰা হয়।
লগতে পঢ়ক : প্ৰেমেই কাল হ’ল তামুলপুৰৰ বিষ্ণু মগৰ নামৰ এজন যুৱকৰ
উল্লেখ্য যে পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে নতুন দিল্লীৰ পৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে পৰীক্ষাৰ ফলাফল আৰু চাকৰি পোৱা-নোপোৱা বিষয়টোকলৈ ভুল বুজা-বুজি হৈছে। এইবাৰ পৰীক্ষাত পাছ কৰা সকলে চাকৰি পাব বুলি জানিবলৈ দিছিল মুখ্যমন্ত্ৰীয়ে। এইবাৰ পৰীক্ষাৰ ফলাফলকলৈ টেটৰ চাকৰিৰ ক্ষেত্ৰতহে অসুবিধা আছে বুলিও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে।