বিজেপিৰ সংসদীয় ব'ৰ্ড

নিৰ্বাচনী ফলাফল ওলোৱা চাৰিদিন হৈ যোৱাৰ পিছতো কেন্দ্ৰীয় নেতৃত্বই অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম ঘোষণা কৰিব পৰা নাই ৷ মুখ্যমন্ত্ৰীক লৈ সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থকা যুঁজ বাগৰ খন স্পষ্ট হৈ পৰিছে ৷ বহুজন নব নিৰ্বাচিত বিধায়কে হিমন্ত বিশ্ব শৰ্মাক মুকলি ভাবে সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছে ৷ কোৰোনাসৃষ্ট পৰিবেশৰ বাবে ৰাজ্যখনৰ পৰিবেশ ভয়াবহ দিশলৈ গতি কৰাৰ সময়ত কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰী গৰাকী নিৰ্বাচন কৰিব নোৱাৰা বিষয়টোৱে স্পষ্ট কৰিছে নেতৃত্বক লৈ সংঘাতৰ ছবি খন ৷

ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ চলি থকা ব্যাপক চর্চাৰ মাজতে বৃহস্পতিবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীস্থিত বাসগৃহত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ মুখ্যতঃ অসম আৰু পশ্চিমবংগক লৈ বিস্তৃত আলোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কোনো আনুষ্ঠানিক সিদ্ধান্ত লোৱা হোৱা নাই যদিও বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই অচিৰেই অসমলৈ প্রেৰণ কৰিব এজন পর্যবেক্ষক৷ উল্লেখ্য যে অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে সর্বানন্দ সোণোৱালৰ লগতে ব্যাপক চর্চা লাভ কৰিছে ড০ হিমন্ত বিশ্ব শর্মাৰ নাম৷

বৃহস্পতিবাৰে সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল যদিও ইয়াৰ পৰিৱর্তে অমিত শ্বাহৰ বাসগৃহতে বৃহস্পতিবাৰে বিজেপিৰ তিনিজন শীর্ষ নেতাহে বৈঠকত মিলিত হয়৷ এই বৈঠকত অমিত শ্বাহৰ লগতে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা আৰু ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ উপস্থিত থাকে৷

দলৰ এক সূত্রই প্রকাশ কৰা অনুসৰি অসমৰ মুখ্যমন্ত্রী নির্বাচিত কৰাৰ ক্ষেত্রত বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই অচিৰেই ৰাজ্যখনলৈ প্রেৰণ কৰিব এজন পর্যবেক্ষক৷ এই পর্যবেক্ষকেই সংসদীয় ব’ৰ্ডৰ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব৷ দলীয় সূত্রটোৰ মতে সংসদীয় ব’ডৰ বৈঠক আজি সন্ধিয়াৰ ভাগত অথবা দেওবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷পৰ্যবেক্ষক গৰাকী অসমলৈ অহাৰ পাছত সিদ্ধান্ত ল’ব সংসদীয় ব’ৰ্ডে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply