সোণতলী : ৰাজ্যত পুনৰ ভূ-লুণ্ঠিত হ’ল মানৱতা। পলিথিনত ভৰাই নৱজাতকৰ মৃতদেহ পেলাই গ’ল ৰাজপথত। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।

দক্ষিণ কামৰূপৰ সোণতলীত পুনৰ ভূ-লুণ্ঠিত হ’ল মানৱতা। কোনো লোকে পলিথিনত ভৰাই নৱজাতকৰ মৃতদেহ পেলাই গ’ল ৰাজপথত। সোণতলীৰ অন্তৰ্গত গৰৈমাৰীৰ কালাতলী পথৰ এখন দলংৰ ওপৰত কোনো লোকে পলাই যায় নৱজাতকৰ মৃতদেহটো।

লগতে পঢ়ক : ইছৰোৰ বিজ্ঞানী হিচাপে স্বীকৃতি লাভ অসম কন্যাৰ

পুৱাৰ ভাগত একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে দলংৰ ওপৰত পৰি থকা নৱজাতকৰ মৃতদেহটো। ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply